পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জাতি-ভেদ
২৫৯
 

 ৰজা—হে কাত্যায়ন, চাৰিও বৰ্ণৰ লোকে তেওঁৰ সেৱা কৰিব।
 কাত্যায়ন-তেনে হলে, চাৰিও বৰ্ণৰ লোক সমান বুলি প্ৰমাণিত নহল নে?
 ৰজা—এই দৃষ্টিৰ পৰা চাৰিওটা বৰ্ণৰ লোক নিশ্চিতৰূপে সমান বুলি প্ৰমাণিত হব। মইতো তেওঁলোকৰ মাজত কোনো প্ৰভেদ নেদেখোঁ।
 কাত্যায়ন-সেই বাবেই মই কওঁ যে ব্ৰাহ্মণেই শ্ৰেষ্ঠ বৰ্ণ আদি বুলি দাবী কৰাটো এটা চিঞৰ-বাখৰ মাথোন। মহাৰাজৰ জানো এনে ধাৰণা নহয় যে যদিহে ক্ষত্ৰিয়, ব্ৰাহ্মণ, বৈশ্য আৰু শূদ্ৰই প্ৰাণীহত্যা আদি পাপ কৰে তেওঁলোক আটাযেই সমানে দুখ ভোগ কৰিব লাগিব?
 ৰজা—চাৰিওটা বৰ্ণৰ যি কোনো লোকে পাপ কৰ্ম্ম কৰিলে তেওঁ সমানেই দুৰ্গতি ভোগ কৰিব লাগিব।
 কাত্যায়ন—ঠিক কথা। মহাৰাজ, যদি তেনেকুৱাই হয় তেন্তে চাৰিওটা বৰ্ণ সমান বুলি জানো প্ৰমাণ পোৱা নগল? এই বিষয়ে আপোনাৰ মত কি?
 ৰজা—এই দৃষ্টিৰ পৰা চাৰিওটা বৰ্ণ সমান বুলিয়ে নিশ্চিত প্ৰমাণ পোৱা যায়। মইতো এই বিষয়ত কোনো প্ৰভেদ বিচাৰি নাপাওঁ।
 কাত্যায়ন—যদি চাৰিওটা বৰ্ণৰ যি কোনো লোক প্ৰাণী হত্যা আদি পাপৰ পৰা বিৰত হৈ যায়, তেন্তে তেওঁ জানো স্বৰ্গ লৈ নাযাব?
 ৰজা—মোৰ বোধেৰে তেনে লোক স্বৰ্গলৈ যাব।
 কাত্যায়ন—আৰু সেই বাবেই মই কওঁ যে ব্ৰাহ্মণ বৰ্ণকে শ্ৰেষ্ঠ বুলি কোৱাটো মাথোন চিঞৰ-বাখৰ। হে মহাৰাজ, ধৰি লওক, আপোনাৰ ৰাজ্যৰ কোনো জাতিৰ লোকে চুৰি, লোটপাট, পৰদাৰাগমন আদি অপৰাধ কৰে আৰু ৰাজ-কৰ্মচাৰীয়ে তেনে লোকক আনি আপোনাৰ আগত হাজিৰ কৰায, তেতিয়া জানো আপুনি (সেই লোকৰ জাতিৰ

বিচাৰ নকৰি) উচিত দণ্ড নিদিব?