পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৬
ভগৱান বুদ্ধ
 

সংখ্য়ক এসুকাৰি সুত্তৰ পৰা দেখা যায় যে চাৰিওটা বৰ্ণৰ কৰ্ত্তব্য কি কি তাক ধাৰ্য্য কৰি দিয়াৰ অধিকাৰো তেওঁলোকে নিজৰ হাতত ৰাখিছিল। এই সুত্তৰ সাৰাংশ হল এই—
 এবাৰ ভগৱান শ্ৰাৱন্তীৰ জেতবনত অনাথপিণ্ডিকৰ আৰামত অৱস্থান কৰিছিল। সেই সময়ত এসুকাৰীনামৰ ব্ৰাহ্মণ তেওঁৰ ওচৰলৈ গল আৰু কুশল প্ৰশ্ন সুধি এফালে বহি ললে। তাৰ পিচত কলে, 'হে গৌতম, ব্ৰাহ্মণসকলে চাৰিবিধ পৰিচৰ্য্যাৰ (সেৱাৰ) কথা কয়। চাৰিওটা বৰ্ণই ব্ৰাহ্মণৰ পৰিচৰ্য্যা কৰিব পাৰে, ক্ষত্ৰিয়ৰ সেৱা ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰই কৰিব পাৰে, বৈশ্যৰ সেৱা বৈশ্য আৰু শূদ্ৰই কৰিব পাৰে আৰু শূদ্ৰৰ সেৱা অকল শূদ্ৰইহে কৰিব পাৰে। আন বৰ্ণৰ মানুহে তেওঁৰ পৰিচৰ্য্যা কেনেকৈ কৰিব। এই পৰিচৰ্য্যাবোৰ সম্বন্ধে আপোনাৰ মত কি?
 ভগৱান—হে ব্ৰাহ্মণ, এই ব্ৰাহ্মণসকলৰ মতৰ লগত জানো আটাই- বোৰ ৰাইজ একমত? ৰাইজে জানো এই পৰিচৰ্য্যা সম্বন্ধে তেওঁলোকক অধিকাৰ দিছে?
 এসুকাৰী—হে গৌতম, তেনে অৱস্থা নহয়।
 ভগৱান—তেনেহলে কব লাগিব যে ব্ৰাহ্মণেই ৰাইজৰ ওপৰত এই পৰিচৰ্য্যাৰ ভাৰ এনেয়ে জাপি দিছে, ঠিক যেনেকৈ কোনো মঙ্গহ খাবলৈ ইচ্ছা নকৰা দুখীয়া মানুহক চুবুৰীয়া মানুহে মাংসৰ এটা ভাগ বলেৰে দি কয়, 'এই মঙহ তুমি খোৱা আৰু ইয়াৰ বেচ শোধাই দিয়া।' মোৰ বক্তব্য হল এয়ে যে মানুহ লাগিলে যি কোনো বৰ্ণৰে নহওক, যাৰ পৰিচৰ্য্যা কৰিলে কল্যাণ হয়, অকল্যাণ নহয়, তাৰে পৰিচৰ্য্যা কৰা উচিত। চাৰিওটা বৰ্ণৰে বুজ থকা লোকক সুধিলে তেওঁলোকেও এই মতকে দিব। মই কবলৈ বিচৰা নাই যে উচ্চকুল, উচ্চবৰ্ণ বা ধনী পৰিয়ালত জন্ম লোৱাটো ভাল বা বেয়া। উচ্চকুল, উচ্চবৰ্ণ বা ধনী