নোৱাৰোঁহক। সি এবিধ তেনেই বেলেগ ধৰণৰ প্ৰাণী হয়। তাক
‘খচ্ছৰ’ বোলা হয়, কিন্তু ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ পৰা ওপজা ল’ৰা-
ছোৱালীৰ ক্ষেত্ৰত হলে এই কথা নৰজে।
ভগৱান—হে অশ্বলায়ন, ধৰি লোৱা, দুজন ব্ৰাহ্মণ ভাই ককায়েকৰ
মাজত এজনে বেদ পাঠ কৰিছে আৰু তেওঁ সুশিক্ষিত কিন্তু আনজন
হলে অশিক্ষিত। তেতিয়া তাৰে কোন জনক ব্ৰাহ্মণসকলে শ্ৰাদ্ধ বা
যজ্ঞলৈ প্ৰথমতে আমন্ত্ৰণ কৰিব?
আশ্ব—যিজন শিক্ষিত তেওঁকেই প্ৰথমতে আমন্ত্ৰণ কৰা হব।
ভগৱান—এতিয়া ধৰি লোৱা, সেই দুজন ভাই ককাইৰ মাজত
এজন অতিশয় বিদ্বান কিন্তু দুৰাচাৰী আৰু আনজন বিদ্বান নহয় কিন্তু
সুশীল, তাৰে কোনজনক প্ৰথমতে আমন্ত্ৰণ দিয়া হব?
আশ্ব—হে গৌতম, যিজন শীলৱান, তেওঁকে প্ৰথমতে আমন্ত্ৰণ দিয়া
হব। দুৰাচাৰী লোকক দিয়া দান কেনেকৈ ফলদায়ক হব?
ভগৱান-হে আশ্বলায়ন, প্ৰথমতে তুমি জাতিৰ ওপৰত গুৰুত্ব দিলা,
তাৰ পিচত দিলা বেদ পাঠৰ ওপৰত আৰু এতিয়া দেখোন শীলক মহত্ত্ব
দিলা। অৰ্থাৎ মই যি চাতুৰ্ব্বৰ্ণ-শুদ্ধিৰ কথা কওঁ তাকে তুমি স্বীকাৰ
কৰি ললা।
এই কথা শুনি তললৈ মূৰ কৰি আশ্বলায়ন নীৰৱে বহি ৰল। আৰু
কি কোৱা যায় তাক তেওঁ ভাবি নাপালে। তাৰ পিচত ভগৱানে
অসিতদেৱল ঋষিৰ কাহিনী শুনালে আৰু শেহত আশ্বলায়ন বুদ্ধৰ
উপাসক হল।
ৰাইজেহে অধিকাৰ দিব লাগে—ব্ৰাহ্মণ জাতিৰ নেতাসকলে
মাথোন এইখিনি দাবী কৰিয়ে ক্ষান্ত নাছিল যে ব্ৰাহ্মণসকলেই শ্ৰেষ্ঠ
আৰু আনবোৰ বৰ্ণ তেওঁলোকতকৈ হীন। 'মঝজিম্-নিকায়’ৰ ৯৬
পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৯১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জাতি-ভেদ
২৫৫