উৎপন্ন লোকসকলক মাতি কলে, “হেৰ এইপিনে আহহক আৰু কুকুৰক আহাৰ পানী দিয়া বাচন, গাহৰীক দানাপানী দিয়া বাচন বা কাপোৰ বোলোৱা বাচনত এৰাগছৰ খৰিৰে জুই ধৰহক।” হে আশ্বলায়ন, তেতিয়া সেই ব্ৰাহ্মণ আদি উচ্চবৰ্ণৰ লোকসকলে ভাল গছৰ খৰিৰে ধৰা জুই হে উজ্জল আৰু তেজশ্বী হব আৰু নীহকুলীয়া লোকসকলে এৰা গছৰ খৰিৰে ধৰা জুই উজ্জল আৰু তেজস্বী নহব আৰু সেই জুইৰ দ্বাৰা অগ্নি-কাৰ্য্য নহব বুলি তোমাৰ ধাৰণা হয়নে?
আশ্ব—হে গৌতম, যি কোনো বৰ্ণৰ লোকে যি কোনো গছৰ খৰিৰে যি কোনো ঠাইতে অগ্নি উৎপন্ন কৰিলে সি সমানেই তেজস্বী হব আৰু তাৰ দ্বাৰা সমান ভাৱেই অগ্নি-কাৰ্য্য চলিব।
ভগৱান—যদি কোনো ক্ষত্ৰিয়ৰ লৰাই কোনো ব্ৰাহ্মণ ছোৱালীৰ লগত শৰীৰৰ সম্বন্ধ ৰাখে আৰু সেই সম্বন্ধৰ ফলত যদি পুত্ৰ ওপজে তেন্তে সেই লৰাও নিজৰ মাক-বাপেকৰ নিচিনাই মানুহ হব বুলি তোমাৰ ধাৰণা নহয়নে? সেইদৰে যদি কোনো বামুণৰ লৰাই ক্ষত্ৰিযৰ ছোৱালী বি্যা কৰায় আৰু সেই বিযাৰ ফলত পুত্ৰ ওপজে তেনেহলে সেই পুত্ৰ নিজৰ মাক-বাপেকৰ নিচিনা নহৈ আন কিবা ধৰণৰ হব বুলি তুমি বিবেচনা কৰানে?
আশ্ব—এনেধৰণৰ মিশ্ৰিত বিবাহৰ ফলত জন্মা লৰাও নিজৰ মাক- বাপেকৰ নিচিনা মানুহ হয়। তেনে লৰাক আমি ব্ৰাহ্মণ বুলিও কব পাৰোঁ আৰু ক্ষত্ৰিয় বুলিও কব পাৰোঁহক।
ভগৱান —কিন্তু হে আশ্বলায়ন, কোনো ৰ্ঘোঁৰা আৰু গাধৰ মাজত শাৰীৰিক সম্বন্ধৰ ফলত যি পোৱালি হয়, তাক জানো আমি তাৰ মাক বা বাপেকৰ নিচিনা হোৱা বুলি কব পাৰোঁ? তাক জানো আমি ঘোঁৰা বা গাধ বুলি কব পাৰোঁ?
আশ্ব—হে গৌতম, আমি- তাক, ঘোঁৰা বা গাধ বুলি কব