পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১০


জাতি-ভেদ

জাতি-ভেদৰ উৎপত্তি

ব্ৰাহ্মণোহস্য মুখমাসীদ্‌বাহ্ন ৰাজন্যঃ কৃতঃ।
উৰূ তদস্য যদ্বৈশ্যঃ পদ্‌ভ্যাং শূদ্ৰো অজায়ত॥[১]

 পুৰুষ-সূক্তৰ এই ঋচাতে ভাৰতবৰ্ষত প্ৰচলিত জাতি-ভেদ প্ৰথাৰ মূল পোৱা যাব বুলি ধাৰণা কৰা হয়। কিন্তু এই ধাৰণা ভুল। বেদ- কালৰ আগতেও সপ্তসিন্ধু প্ৰদেশত আৰু ভাৰতবৰ্ষৰ মাজ ভাগত অহিংসা ধৰ্ম্মৰ নিচিনাকৈয়ে জাতি-ভেদ ধৰ্ম্মৰো চলতি আছিল। আমি প্ৰথম অধ্যাযতে দেখুৱাই আহিছোঁ যে আৰ্য্যসকলৰ আগমন আৰু বৈদিক সংস্কৃতিৰ প্ৰসাৰৰ ফলত অহিংস ধৰ্ম্মই কিদৰে অৰণ্যবাস স্বীকাৰ কৰি লবলগীয়া হৈছিল।[২] কিন্তু জাতিভেদৰ ক্ষেত্ৰত হলে তেনে অৱস্থা হোৱা নাছিল। অলপ অচৰপ সংশোধনক্ৰমে এই প্ৰথা আগৰ নিচিনাই চলি থাকিল।
ক্ষত্ৰিয়সকলৰ মহত্ত্ব—সুমেৰিযাত ৰজাই অধিক ক্ষেত্ৰত পূজাৰী আছিল আৰু সপ্তসিন্ধু প্ৰদেশতো এই প্ৰথাৰ প্ৰচলন আছিল। এই প্ৰদেশৰ যিবোৰ সৰু সৰু ৰজা আছিল তেওঁলোক আৰু তাৰে ভিতৰত মুখ্য ৰজা বৃত্ৰক ইন্দ্ৰই হত্যা কৰিছিল। সেই বাবে ইন্দ্ৰৰ ব্ৰহ্ম-হত্যাৰ পাপ হোৱা বুলি ‘মহাভাৰত’ত উল্লেখ কৰা হৈছে।[৩] ওপৰত দিয়া ঋচাত আৰ্য্যসকল অহাৰ আগৰ অৱস্থা বৰ্ণনা কৰা হৈছে। ঋষিৰ মতে


(১)^  'ঋগ্বেদ', পুৰুষ সুক্ত, ১০।৯০।১২।
(২)^  পৃষ্ঠা ১১।১৫।
(৩)^  চাওক, 'হিন্দী সংস্কৃতি আণি অহিংসা’, পৃষ্ঠা ১৫