সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জাতি-ভেদ
২৪৭
 

‘এসময়ত বিৰাট পুৰুষৰ মুখ ব্ৰাহ্মণ আছিল, তেওঁৰ বাহু ক্ষত্ৰিয় আছিল, তেওঁৰ উৰু আছিল বৈশ্য আৰু তেওঁৰ ভৰিৰ পৰা শূদ্ৰৰ উৎপত্তি হল।' আৰ্য্যসকলৰ আগমনৰ ফলত ক্ষত্ৰিয়সকলৰ মহত্ত্ব বৃদ্ধি পালে আৰু ব্ৰাহ্মণসকলৰ প্ৰতিপত্তি কমি গল। তথাপি পুৰোহিতৰ কাম তেওঁলোকৰ হাততে থাকিল। বুদ্ধৰ সময়লৈকে এই অৱস্থা চলি আছিল। পালি সাহিত্যৰ সকলো ঠাইতে ক্ষত্ৰিয়সকলক মুখ্য স্থান দিয়া হৈছে, আৰু উপনিষদতো তাৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়। উদাহৰণ স্বৰূপে এই উক্তিলৈ লক্ষ্য কৰক:
 ব্ৰহ্ম বা ইদমগ্ৰ আসীদেকমেৱ। তদেক সম্ন ব্যভৱত্তচ্ছে য়ো-ৰূপ মত্যসৃজত ক্ষত্ৰং যান্যেতানি দেৱত্ৰা ক্ষত্ৰাণীন্দ্ৰো ৱৰুণঃ সোমো ৰূদ্ৰঃ পৰ্জন্যো যমো মৃত্যুৰীশান ইতি তস্মাৎ ক্ষত্ৰাৎপৰং নাস্তি। তস্মাদ্‌ ব্ৰাহ্মণঃ ক্ষত্ৰিয় মধস্তাদুপান্তে।[৪]
 অৰ্থাৎ ‘প্ৰথমতে কেৱল ব্ৰহ্ম আছিল। কিন্তু তেওঁ অকলশৰীয়া হোৱা হেতুকে তেওঁৰ বিকাশ নহল। গতিকে তেওঁ উৎকৃষ্ট ৰূপৰ ক্ষত্ৰিয় জাতিৰ উৎপন্ন কৰিলে। এই ক্ষত্ৰিয় আছিল দেৱলোকৰ ইন্দ্ৰ, বৰুণ, সোম, ৰূদ্ৰ, পৰ্জন্য, যম, মৃত্যু আৰু ঈশান। গতিকে ক্ষত্ৰিয় জাতিতকৈ শ্ৰেষ্ঠ আৰু আন জাতি নাই আৰু সেই বাবেই ব্ৰাহ্মণ সকলে নিজকে তলখাপৰ বুলি ভাবি ক্ষত্ৰিয়সকলৰ উপাসনা কৰে।'

জাতি-ভেদৰ নিষেধ

 এইদৰে ক্ষত্ৰিয় জাতিয়ে প্ৰতিপত্তি লাভ কৰিছিল; তথাপি ক্ষত্ৰিয়- সকলৰ মুখ্য কৰ্ত্তব্য আছিল যুদ্ধ, আৰু তাক বুদ্ধই সমূলি ভাল নাপাই- ছিল। গতিকে সমগ্ৰ জাতি-ভেদ, প্ৰথাটোকে তেওঁ নিৰৰ্থক বুলি


(৪)^  'বৃহদাৰণ্যক উপনিষদ', ২।৪।১১।