পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যাগ-যজ্ঞ
২৪৫
 

দি অহা সুত্ত বুদ্ধৰ পৰিনিৰ্ব্বাণৰ কিছুসময়ৰ পিচত ৰচনা কৰা হৈছে, তথাপি ইয়াত বুদ্ধই কৈ যোৱা মূল মূল তত্ত্ববোৰ মুকলিকৈ দেখুৱাই দিয়া হৈছে। জ্ঞানী লোকসকলেই বিবেচনা কৰি চোৱা উচিত যে এনে সুযজ্ঞৰ নিৰ্দ্দেশ দি যোৱা মহাপুৰুষ এজনক গুৰু আৰু বেদৰ নিন্দাকাৰী বুলি অভিহিত কৰি তেওঁৰ অৱহেলা কৰাটো কিমান দূৰ সঙ্গত হব?