দৰিদ্ৰ তেওঁলোকক (বেহা-বেপাৰৰ সুবিধা কৰি দি ) ধন পোৱাৰ দিহা কৰি দিয়া আৰু তোমাৰ ৰাজ্যত যি সকল সৎ পুৰুষ শ্ৰমণ ব্ৰাহ্মণ আছে, তেওঁলোকৰ পৰা সময়ে সময়ে কৰ্ত্তব্য অকৰ্ত্তব্য সম্বন্ধে পৰামৰ্শ লৈ থাকিবা। তেওঁলোকৰ উপদেশ অনুসৰি অকৰ্ত্তব্যৰ পৰা আঁতৰি থাকিবা আৰু কৰ্ত্তব্যত দক্ষ হৈ ৰবা।’
তৰুণ ৰজাই এই উপদেশ মানি ললে। সেই মতে আচৰণ কৰাত আগৰ সেই জ্বলি থকা চক্ৰ আকৌ আগৰ ঠাইলৈ আহি গ'ল। ৰজাই বাওঁহাতত ঝাৰী ললে আৰু সোঁ হাতেৰে সেই চক্ৰ প্ৰৱৰ্ত্তিত কৰিলে। চক্ৰটো সাম্ৰাজ্যৰ চাৰিওপিনে ঘুৰিবলৈ ধৰিলে। চক্ৰৰ পিছে পিচে গৈ ৰজাই সকলো লোককে উপদেশ দিলে, ‘প্ৰাণ ঘাত কৰিব নালাগে, চুৰি কৰা অনুচিত, ব্যভিচাৰ কৰিব নালাগে, মিছা কথা কোৱা উচিত নহয়, যথাৰ্থভাৱে জীৱন নিৰ্ব্বাহ কৰা উচিত।’
ইয়াৰ পিচত আকৌ সেই চক্ৰৰত্ন চক্ৰৱৰ্ত্তী ৰজাৰ সভা-স্থলৰ সমুখত থিয় হলহি। সি ৰাজ-মহলৰ শোভা বঢ়ালে।
এই চক্ৰৱৰ্ত্তী ব্ৰতৰ প্ৰসঙ্গ সাত পুৰুষলৈকে চলিল। সপ্তম চক্ৰৱৰ্ত্তী ৰজাই সন্ন্যাস গ্ৰহণ কৰিলত তাৰ সাতদিনৰ পিচত সেই চক্ৰ নাইকিয়া হল। তেতিয়া সেই তৰুণ ৰজাৰো বৰ দুখ হল, কিন্তু ৰাজৰ্ষি বাপেকৰ ওচৰলৈ গৈ তেওঁ চক্ৰৱৰ্তী ব্ৰতৰ কথা জানি নললে। তেওঁৰ অমাত্য আৰু আন আন সজ্জনসকলে তেওঁক সেই চক্ৰৱৰ্ত্তী ব্ৰতৰ কথা বুজাই দিলে। সেই কথা শুনি ৰজাই ন্যায় ৰক্ষা আৰম্ভ কৰিলে, কিন্তু যাৰ দ্বাৰা দৰিদ্ৰলোকে কাম পাব পাৰে তেনে কোনো ব্যৱস্থা হলে নকৰিলে। তাৰ ফলত দৰিদ্ৰতা বৃদ্ধি পালে আৰু এজন লোকে চুৰি কৰিলে। যেতিয়া মানুহে তাক ধৰি নি ৰজাৰ আগত হাজিৰ কৰিলে তেতিয়া ৰজাই তাক সুধিলে, ‘হেৰ মানুহ, তই চুৰি কৰাটো সঁচানে?’
মানুহজন—সঁচা, মহাৰাজ!