পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যাগ-যজ্ঞ
২৪১
 

 ভগৱানে বৰ্ণনা কৰা এই যজ্ঞৰ কথা শুনি কূটদন্তৰ লগত যোৱা ব্ৰাহ্মণ সকলে কলে, ‘বৰ ভাল যজ্ঞ! বৰ ভাল যজ্ঞ!’

 ইয়াৰ পিচত ভগৱানে কূটদন্ত ব্ৰাহ্মণক নিজৰ ধৰ্ম্ম সম্বন্ধে বিতংভাৱে উপদেশ দিলে। তাকে শুনি কূটদন্ত ব্ৰাহ্মণ ভগৱানৰ উপাসক হল আৰু কলে, ‘হে গৌতম, মই সাত শ বলধ, সাত শ দামুৰী, সাত শ দমৰা, সাত শ ছাগলী আৰু সাত শ ভেৰা বলিশালৰ পৰা মুকলি কৰি দিওঁ, সিহঁতক জীৱন দান কৰোঁ। সেউজীয়া আঁহ আৰু কেঁচা পানী খাই শীতল ছাত সিহঁত আনন্দেৰে থাকক।’

 নিবনুৱাৰ লোপসাধনেই প্ৰকৃত যজ্ঞ-ওপৰত দিয়া সুত্তৰ মহাবিজিত শব্দৰ অৰ্থ হল এনে লোক যাৰ ৰাজ্য আহল বহল। তেনে লোকেহে মহাযজ্ঞ কৰিব পাৰে। এনে ধৰণৰ মহাযজ্ঞৰ মুখ্য বিধান হল যে ৰাজ্যৰ মানুহক নিবনুৱা হৈ থাকিবলৈ নিদিয়া, আটায়েকে উপযুক্ত কামত নিযুক্ত কৰিব লাগে। আন প্ৰকাৰে এই বিধানৰে কথা ‘চক্কৱত্তিসীহনাদ’তো উল্লেখ কৰা হৈছে। তাৰ সাৰাংশ হল এনে ধৰণৰ⸺

 দৃঢ়নেমি নামৰ এজন চক্ৰৱৰ্ত্তী ৰজা আছিল। বুঢ়া বয়সত তেওঁ নিজৰ লৰাৰ ৰাজ্যাভিষেক কৰি যোগাভ্যাসৰ কাৰণে নিজে গৈ উপবনত থাকিবলৈ ললে। সপ্তম দিনৰ দিনা ৰজাৰ প্ৰসাদৰ সমুখৰপৰা জ্বলি থকা চক্ৰ নাইকীয়া হল। তেতিয়া দৃঢ়নেমিৰ পুত্ৰই বৰ ভয় পালে আৰু ৰাজৰ্ষি বাপেকৰ ওচৰলৈ গৈ সেই কথা জনালে। ৰাজৰ্ষিয়ে কলে, “বাচা, ভয় নাখাবা। সেই চক্ৰ তোমাৰ পুণ্যৰ ফলত উৎপন্ন হোৱা নাছিল। যদি তুমি চক্ৰৱৰ্তী ৰজাৰ ব্ৰত পালন কৰা তেন্তে আকৌ সেই চক্ৰ নিজ ঠাইলৈ উভতি আহি থিৰ হৈ থাকিব। তুমি ন্যায় আৰু সমতাৰে

ৰাইজক ৰক্ষা কৰা, নিজৰ ৰাজ্যত অন্যায় প্ৰবৃত্তি হবলৈ নিদিবা, যিসকল

১৬