পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যাগ-যজ্ঞ
২৪৩
 


 ৰজা—তই কিয় চুৰি কৰিলি?

 মানুহজন—মহাৰাজ! পেট নভৰে, সেই কাৰণে চুৰি কৰিলোঁ।

 তাক যথেষ্ট দ্ৰব্য-সামগ্ৰী দি ৰজাই কলে, এই দ্ৰব্য-সামগ্ৰীৰে তুমি নিজৰ নিৰ্ব্বাহ কৰাগৈ, নিজৰ পৰিয়ালৰ ভৰণ পোষণ কৰাগৈ, বেহা- বেপাৰ আৰু দান-ধৰ্ম্ম কৰাগৈ।’

 এই কথা আন এজন নিবনুৱায়ো গম পালে। তেতিয়া তেৱোঁ চুৰি কৰিলে। ৰজাই তেওঁকো যথেষ্ট দ্ৰব্য-সামগ্ৰী দিলে। মানুহে জানি গল যে চুৰি কৰিলে ৰজাৰ পৰা উপহাৰ পোৱা যায়। গতিকে সকলো মানুহেই চুৰি কৰিবলৈ ললে। তাৰে এজন ৰজাৰ ওচৰলৈ নিয়াত ৰজাই ভাবিলে, ‘যদি মই চোৰক ধন দি যাওঁ তেন্তে ৰাজ্যৰ সকলো ঠাইতে চুৰি হবলৈ ধৰিব। গতিকে এই মানুহজনৰ শিৰচ্ছেদ কৰাই ভাল হব।’ সেই মতে তেওঁ মানুহজনক ৰচীৰে বন্ধালে, মূৰ খুৰাই দিয়ালে আৰু ৰাজপথেৰে চাৰিওপিনে ঘূৰাই নি নগৰৰ দক্ষিণ পিনে তাৰ মুৰটো কাটি দিবলৈ আজ্ঞা দিলে।

 এই দৃশ্য দেখি চোৰহঁতে ভয় খালে। সিহঁতে বুজিলে যে পোন পটীয়া ভাৱে চুৰি কৰিলে বিপদ আছে। তেতিয়া সিহঁতে চোকা অস্ত্ৰ তৈয়াৰ কৰাই ললে আৰু যতে ততে চুৰি ডকাইতি কৰিবলৈ ধৰিলে।

 এইদৰে দুখীয়া ৰাইজৰ ব্যৱসায়ৰ দিহা নোহোৱা হেতুকে দৰিদ্ৰতাৰ মাত্ৰা বাঢ়ি গল। দৰিদ্ৰতা বৃদ্ধি পোৱাত চুৰি আৰু লোটপাটৰ মাত্ৰা বাঢ়িল। চুৰি আৰু লোটপাট বঢ়া হেতুকে অস্ত্ৰশস্ত্ৰৰ সংখ্যা বৃদ্ধি পালে আৰু অস্ত্ৰশস্ত্ৰ বৃদ্ধি পোৱাত প্ৰাণঘাতৰ মাত্ৰা বৃদ্ধি পালে, প্ৰাণঘাত বৃদ্ধি পোৱাত অসত্যৰ মাত্ৰা বাঢ়িল, অসত্য বাঢ়ি যোৱাত পৰনিন্দা- কুটচৰ্চ্চা বৃদ্ধি পালে, কুটচৰ্চ্চা বঢ়াৰ ফলত ব্যভিচাৰ বৃদ্ধি পালে, ব্যভিচাৰ বঢ়া হেতুকে গালি-শপনি দিয়াৰ আৰু অনৰ্থক প্ৰলাপ বলকাৰ মাত্ৰা বৃদ্ধি