পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪০
ভগৱান বুদ্ধ
 

গতিকে আপুনি আপোনাৰ ইচ্ছা ৰাজ্যৰ সকলো ৰাইজৰে আগত প্ৰকাশ কৰি তেওঁলোকৰ অনুমতি লওক।’

 ৰজাৰ ইচ্ছাৰ কথা জানি সকলো ৰাইজে যজ্ঞৰ বাবে অনুমতি দিলে। তাৰ পিচত পুৰোহিতে যজ্ঞৰ আয়োজন আৰম্ভ কৰি দিলে আৰু ৰজাক কলে, ‘যজ্ঞৰ আৰম্ভণিতে আপুনি মনলৈ এই ভাৱ আহিবলৈ নিদিব যে এই যজ্ঞত বহুতো সা-সম্পত্তি ব্যয় হব। যজ্ঞ চলি থকাৰ সময়তো আপুনি মনলৈ এই ভাৱ নানিব যে এই যজ্ঞত আপোনা সম্পত্তিৰ নাশ হৈছে আৰু যজ্ঞ শেষ হলেও আপুনি মনত এই ভাৱক ঠাই নিদিব যে আপোনা সম্পত্তিৰ নাশ হৈ গল। আপোনাৰ যজ্ঞলৈ ভাল আৰু বেয়া মানুহ আহিব, কিন্তু আপুনি তাৰে সৎপুৰুষ সকলৰ প্ৰতি দৃষ্টি ৰাখি যজ্ঞ কৰি যাব আৰু নিজৰ চিত্ত আনন্দেৰে ৰাখিব।’

 এই মহাবিজিত ৰজাৰ যজ্ঞত গাই, বলধ, ছাগলী আৰু ভেৰা বধ কৰা নহল, গছ কাটি বলিশাল সজা নহল, আৰু কুশ কাটি আসন প্ৰস্তুত কৰা নহল; দাস, দূত আৰু বনুৱাসকলৰ হতুৱাই জোৰ-জুলুম কৰি কাম কৰোৱা নহল। যি সকলৰ ইচ্ছা হল, তেওঁলোক কাম কৰিলে আৰু যিসকলৰ ইচ্ছা নহল তেওঁলোকে একোকে নকৰিলে। ঘিউ, তেল, মাখন, মৌ আৰু গুড়েৰে এই যজ্ঞ নিষ্পন্ন কৰা হল।

 তাৰ পিচত ৰাষ্ট্ৰৰ ধনী ধনী লোকসকল ভাল ভাল উপহাৰ লৈ মহাবিজিত ৰজাৰ দৰ্শন কৰিবলৈ আহিল। ৰজাই তেওঁলোকক কলে, ‘সজ্জনসকল, আপোনালোকৰ উপহাৰৰ বাবে মোৰ কোনো আৱশ্যকতা নাই। ধাৰ্ম্মিক কৰ হিচাপে মোৰ ওচৰত ভালেমান ধন গোট খাইছে। আপোনালোকে যদি কিবা বিচাৰে তেন্তে নিঃসঙ্কোচে তাৰ পৰা লৈ যাব পাৰে।’ এনেদৰে ৰজাই যেতিয়া ধনী লোকসকলৰ উপহাৰ লবলৈ অস্বীকাৰ কৰিলে তেতিয়া তেওঁলোকে সেই ধন ব্যয় কৰি যজ্ঞশালৰ চাৰিওপিনে ধৰ্ম্মশালাবোৰ সজালে আৰু দীন-দৰিদ্ৰক দান-ধৰ্ম্ম কৰিলে।