বিষয়েও চাগৈ টীকা-টিপ্পনী কৰিছিল। সৰ্ব্বদৰ্শনত চাৰ্ব্বাক মত প্ৰদৰ্শক যি কেইটা শ্লোক আছে তাৰ ভিতৰত ইও এটাঃ
পশুশ্চেন্নিহতঃ স্বৰ্গং জ্যোতিষ্টোমে গমিষ্যতি।
স্বপিতা যজমানেন তত্ৰ কস্মান্ন হিংস্যতে॥•••••
এয়ো ৱেদস্য কৰ্তাৰো ভণ্ডধূৰ্ত নিশাচৰাঃ।
অৰ্থাৎ ‘অগিষ্টোম যজ্ঞাত বধ কৰা পশু যদি স্বৰ্গলৈ যায তেতে সেই যত যজমানে নিজৰ বাপেকক বধ নকৰে কিয়?••••••বেদৰ কৰ্ত্তা তিনিটা—ভণ্ড, ধূৰ্ত্ত, আৰু ৰাক্ষস।
ইয়াৰ পৰা দেখা যায় যে প্ৰায় সকলো শ্ৰমণ সম্প্ৰদায়েই কম বেচি স্পষ্টভাৱে বেদৰ নিষেধ কৰিছিল, গতিকে তেওঁলোকক বেদৰ নিন্দাকাৰী বুলি কবলৈ কোনো আপত্তি নাছিল, কিন্তু বুদ্ধই যে কৰবাত বেদৰ নিন্দা কৰিছে তাৰ হলে কোনো প্ৰমাণ পোৱা নাযায়। বৰং তাৰ সলনি সকলো ঠাইতে বেদাভ্যাসৰ গৌৰৱ হে দেখা যায়। বুদ্ধৰ ভিক্ষু-সংঘত মহাকাত্যায়নৰ নিচিনা বেদ-পাৰঙ্গত ব্ৰাহ্মণো আহিল। গতিকে ভগৱান বুদ্ধই বেদৰ নিন্দা কৰাটো সম্ভৱ নহয়। কিন্তু আন শ্ৰমণসকলৰ নিচিনা- কৈয়ে যাগ-যজ্ঞ গাই, বলধ আৰু আন আন প্ৰাণী হত্যা কৰাটো তেওঁ সমৰ্থন নকৰিছিল।
যজ্ঞৰ নিষেধ
‘কোসল সংযুক্ত’ত যাগযজ্ঞৰ নিষেধ কৰা সুত্ত হল এই ধৰণৰ—
বুদ্ধ ভগৱান শ্ৰাৱস্তীত আছিল। তেতিয়া কোসলৰজা পসেনদিৰ মহাযজ্ঞৰ আৰম্ভ হল। তাত পাঁচ শ বলধ, পাঁচ শ দমৰা, পাঁচ শ দামুৰী, পাঁচ শ ছাগলী আৰু পাঁচ শ ভেৰা বলিশালত বলি দিয়া হৈছিল। দণ্ডৰ ভয়ত ৰজাৰ দাস, দূত আৰু কৰ্ম্মচাৰীসকলে চকুপানী টুকি কান্দি কান্দি যজ্ঞৰ কাম কৰি আছিল।