পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যাগ-যজ্ঞ
২২৭
 

সংবৃত্ত হৈ জীৱনৰ অভিলাষ নাৰাখি দেহৰ আশা এৰি দি দেহ সম্বন্ধে অনাসক্ত হয় আৰু (এইদৰে) শ্ৰেষ্ঠ যজ্ঞ কৰে।

 ব্ৰাহ্মণ—তোমাৰ অগ্নি কি, অগ্নিকুণ্ড কেনে ধৰণৰ? স্ৰুৱা কি? খৰি আৰু সমিধা কি কি? শাস্তিয়েবা কেনে ধৰণৰ? আৰু কি হোম- বিধিৰে তুমি যজ্ঞ কৰা?

 হৰি-তপস্যা মোৰ অগ্নি, জীৱ হল মোৰ অগ্নিকুণ্ড, যোগ স্ৰুৱা, শৰীৰ খৰি, কৰ্ম্ম সমিধা, আৰু সংযম শান্তি। মই এই বিধিৰে ঋষি- সকলে বৰ্ণনা কৰি যোৱা যজ্ঞ কৰোঁ।

 ব্ৰাহ্মণ—তোমাৰ পুষ্কৰিণী কেনে ধৰণৰ আৰু শান্তি-তীৰ্থই বা কি?

 হৰি-ধৰ্ম্মই মোৰ পুষ্কৰিণী আৰু ব্ৰহ্মচৰ্য্য হল মোৰ শান্তি-তীৰ্থ। ••••••তাত স্নান কৰি বিমল, বিশুদ্ধ মহৰ্ষি উত্তমপদত উপস্থিত হয়।

 ইয়াৰ উপৰিও এই ‘উত্তৰাধ্যায়ন সূত্ৰ’ৰ ২৫শ অধ্যায়ত যাগ-যজ্ঞ নিষেধ কৰা আৰু এটা গাথা পোৱা যায়। এই গাথাটো এনে ধৰণৰঃ

পসুবন্ধা সব্বে ৱেয়া জট্ঠং‌ চ পাৱকম্মূণা।
ন তং তায়ন্তি দুসসীলং কম্মাণি বলৱন্তিহং।

 অৰ্থাৎ ‘সকলো বেদতে পশুবধৰ কথা কোৱা হৈছে আৰু যজন পাপ কৰ্ম্মৰ লগত মিশ্ৰিত। যজ্ঞ কৰোঁতাক তেওঁৰ সেই পাপ কৰ্ম্মই ৰক্ষা কৰিব নোৱাৰে।’

 হৰিকেশিবলৰ কথাত অকল যজ্ঞৰ নিষেধ কৰা হৈছে কিন্তু এই গাথাত অকল যজ্ঞকে নহয় সকলো বেদকে নিষিদ্ধ কৰাটো স্পষ্ট ভাৱে দেখা যায়।

 শ্ৰমণ-পন্থৰ বেদৰ বিৰোধ—সৰ্ব্ব দৰ্শনত উল্লিখিত চাৰ্ব্বাক মতৰ বৰ্ণনা অনুসৰি অনুমান কৰিব পৰা যায় যে অজিত কেসকম্বল নাস্তিক মতৰ প্ৰৱৰ্ত্তক আছিল কাৰণে তেওঁ অকল যাগ-যজ্ঞ সম্বন্ধেই নহয় বেদৰ