এইবোৰ দেখি ভিক্ষুসকলে ভগৱানক সেই কথা জনালে। তেতিয়া ভগৱানে কলে—
অস্সমেধং পুসিমেধং সম্মাপাসং ৱাজপেয়ং।
নিৰগ্গলং মহাৰম্ভা ন তে হোন্তি মহপ্ফলা॥
অজেলকা চ গাৱো চ ৱিৱিধা যৎথ হঞ্ঞৰে।
ন তং সম্মগ্গতা যঞ্ঞং উপয়ন্তি মহেসিনো॥
যে চ যঞ ঞা নিৰাৰম্ভা যজন্তি অনুকূলং সদা।
অজেলকা চ গাৱো চ ৱিৱিধা নেৎথ হঞ্ঞৰে॥
এতং সম্মগ্গতা যঞ্ঞং উপযন্তি মহেসিনো।
এতং যজেথ মেধাৱী এসো যা মহাপ্ফলো॥
এতং হি যজমান সেয্যো হোতি ন পাপিয়ো।
যঞ্ঞো চ ৱিপুলো হোতি পসীদন্তি চ দেৱতা॥
অৰ্থাৎ ‘অশ্বমেধ, পুৰুষমেধ, সম্যক্পাশ, ব্লাজপেয় আৰু নিৰৰ্গল যজ্ঞত অতিপাত খৰচ হয়, কিন্তু সি মহাফলদায়ক নহয়। যি যজ্ঞৰ কাৰণে ছাগলী, ভেৰা আৰু গৰু আদি প্ৰাণী মৰা হয়, তেনে যজ্ঞলৈ সদাচাৰী মহৰ্ষি নাযায়। কিন্তু যি যজ্ঞত প্ৰাণী হিংসা নহয়, যি মানুহৰ ভাল লাগে আৰু য'ত ছাগলী, ভেৰা আৰু গৰু আদি প্ৰাণী বধ কৰা নহয়, তেনে যজ্ঞত সদাচাৰী মহৰ্ষি উপস্থিত থাকে। গতিকে জ্ঞানী লোকে এনে ধৰণৰ যজ্ঞ কৰা উচিত। এনে যজ্ঞ মহাফলদায়ক হয়, কিয়নো এই যজ্ঞৰ দ্বাৰা যজমানৰ কল্যাণ হয়, অকল্যাণ নহয়। এই যজ্ঞ বৃদ্ধি পায় আৰু দেৱতা প্ৰসন্ন হয়।'
যজ্ঞত পাপ কিয় হয়?—বুদ্ধৰ বক্তব্য আছিল এয়ে যে যজ্ঞত প্ৰাণী বধ কৰিলে যজমানে কায়-বাক্য-মনেৰে অকুশল-কৰ্ম্মৰ আচৰণ