তাৰ পৰা আঁতৰি যাবলৈ কলে। তাৰে তিন্দুক বৃক্ষত থকা যক্ষই গােপন ভাৱে হৰিকেশিবলৰ মাতেৰে সেই ব্রাহ্মণক সম্বােধন কৰি কলে, ‘হে ব্রাহ্মণ, তুমিতাে মাথােন শব্দৰ বােজা কঢ়িয়াই ফুৰা, তুমি বেদৰ অধ্যয়ন কৰা সঁচা, কিন্তু তুমি বেদৰ অৰ্থ হলে নাজানা। তেতিয়া সেই অধ্যাপক ব্রাহ্মণে ভাবিলে যে ভিক্ষুজনে তেওঁৰ অপমান কৰিলে। গতিকে তেওঁ তেওঁৰ ডেকা পুতেকক ভিক্ষুজনক মাৰধৰ কৰি এসকা দিবলৈ নিৰ্দ্দেশ দিয়ে। তেতিয়া পুতেকে টাঙোন, এচাৰি আৰু চমতাৰে তেওঁক মাৰিবলৈ ধৰে। তাকে দেখি কোসল ৰজাৰ কন্যা আৰু পুৰােহিতৰ তিৰােতা ভদ্ৰাই ভিক্ষুজনক মাৰিবলৈ নিষেধ কৰে। এনেতে ভালেমান যক্ষ আহি ব্ৰাহ্মণৰ পুতেকক মাৰধৰ কৰি একেবাৰে লবেজান কৰি পেলায়। তেতিয়া ব্রাহ্মণে ভয খাই যায় আৰু শেহত হৰিকেশিবলৰ ক্ষমা প্রার্থনা কৰি তেওঁক ভালেমান সামগ্ৰীৰে সৈতে সুন্দৰ চাউলৰ ভাত অৰ্পণ কৰে।
অন্ন গ্ৰহণ কৰি হৰিকেশিবলে সােধে, ‘হে ব্রাহ্মণসকল, তােমালােকে জুই ধৰি পানীৰে বাহ্য শুদ্ধি প্রাপ্তিৰ বাবে কিয চেষ্টা কৰিছা? দার্শনিকৰ মতে তােমালােকৰ বাহ্য শুদ্ধি উচিত নহয়।’
তেতিয়া ব্রাহ্মণে সুধিলে, ‘হে ভিক্ষু, আমি কি ধৰণৰ যাগ কৰোঁ আৰু কেনেকৈ কৰ্ম্মৰ নাশ কৰোঁ?’
হৰি—সাধুসকলে হিংসা নকৰি, অসত্য ভাষণ আৰু চুৰি নকৰি, পৰিগ্ৰহ, তিৰােতা, সন্মান আৰু মায়া পৰিহাৰ কৰি দাস্তপানৰ দ্বাৰা ছটা জীৱকায়ৰ[১]আচৰণ কৰে। তেওঁলােকে পাঁচোটা সম্বৰৰে[১]
- (১)^ পৃথীকায়, অপকায়, বায়ুকায়, অগ্নিকায়, বনস্পতিকায় আৰু ত্ৰসকায়—এই ছটা জীৱ ভেদ। জৈনসকলৰ মতে পৃথ্বী-পৰমাণু আদিত জীৱ আছে। বনস্পতিকায় অর্থাৎ গছলতা আদি বনস্পতিবর্গ। ত্ৰসকায়ত সকলাে জঙ্গম বা চৰ প্রাণীকে সামৰি লােৱা হয়।
- (২)^ পাঁচোটা সম্বৰ হল এই—অহিংসা, সত্য, অস্তেয়, ব্ৰহ্মচৰ্য্য আৰু অপৰিগ্রহ। এইবােৰকে যম কোৱা হৈছে। চাওক, সাধনাপদ, সূত্ৰ ৩০।