পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যাগ-যজ্ঞ
২২৫
 

গুচি যায় আৰু তেওঁলোকৰ কিছুমানে তিব্বত, কিছুমানে চীনত আৰু কিছুমানে হয়তো লঙ্কাত বাস কৰিবলৈ লয়।

 এই উদ্ধৃতিৰ পৰাই অনুমান কৰিব পৰা যায় যে সেই সময়ত ইংৰাজী ভাষা জনা হিন্দুসকলৰ মাজত বৌদ্ধ ধৰ্ম্ম সম্বন্ধে কেনে ধাৰণা আছিল।

 ‘লাইট অব এছিয়া’ৰ ফল—ইয়াৰ পিচত খৃষ্টীয় ১৮৭৯ চনত এডৱিন আৰ্নল্ডৰ (Edwin Arnold ) ‘লাইট অব এছিয়া’ (Light of Asia) নামৰ বিখ্যাত কাব্য-গ্ৰন্থ প্ৰকাশিত হয়। সেই কবিতা পঢ়ি ইংৰাজী জনা হিন্দুসকলৰ মাজত বুদ্ধৰ প্ৰতি আদৰ বাঢ়ি গল, লগতে এই ধাৰণাও বদ্ধমূল হৈ যাবলৈ ধৰিলে যে যাগ-যজ্ঞৰ ধ্বংস সাধন কৰি ‘অহিংসা পৰমধৰ্ম্ম’ৰ প্ৰতিষ্ঠা কৰিবলৈকে বুদ্ধৰ অৱতাৰ হৈছিল। আজি- কালিও কম বেচি পৰিমাণে এই ধাৰণা প্ৰচলিত থকা দেখা যায়। এই ধাৰণাৰ মূলত কিমান খিনি তথ্য আছে, আৰু বুদ্ধৰ সমসাময়িক শ্ৰমণ আৰু স্বয়ং বুদ্ধই যাগ-যজ্ঞ সম্বন্ধে কি কৈছিল, সেই বিষয়ে আলোচনা কৰাটো উচিত হব।

 হৰিকেশিবলৰ কথা—শ্ৰমণ পন্থবোৰৰ ভিতৰত আজি-কালি অকল জৈন আৰু বৌদ্ধ-পন্থৰহে পুথিপত্ৰ পোৱা যায়। তাৰে জৈনসকলৰ ‘উত্তৰাধ্যয়ন সূত্ৰ’ত হৰিকেশিবলৰ কাহিনী পোৱা যায়। এই কাহিনীৰ সাৰাংশ হল এই—

 হৰিকেশিবল চাণ্ডালৰ (শ্বপাকৰ) লৰা আছিল। তেওঁ জৈন ভিক্ষু হল আৰু ডাঙৰ তপস্বী হৈ পৰিল। কোনো এসময়ত এমাহ কাল উপবাস কৰি পাৰণৰ দিনা ভিক্ষাটন কৰিবলৈ যাওঁতে তেওঁ মহাযজ্ঞ পতা এখন ঠাইত উপস্থিত হল। তেওঁৰ সেই মলিয়ন কাপোৰেৰে ঢাক খাই থকা খীণ শৰীৰ দেখি যাজক ব্ৰাহ্মণে তেওঁক ধিক্কাৰ দিলে আৰু