পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৪
ভগৱান বুদ্ধ
 

লাভ কৰা তৰুণসকলৰো বৌদ্ধ-ধৰ্ম্ম সম্বন্ধে থকা কল্পনাৰ পৰিবৰ্ত্তন হবলৈ ধৰে।

 মাৰাঠীৰ খ্যাতনামা লেখক স্ব. ৱিষ্ণুশাস্ত্ৰী চিপলুণকৰে বাণ-কবি সম্বন্ধে তেওঁ লিখা প্ৰৱন্ধত এই বুলি মন্তব্য কৰিছেঃ

 ‘আৰ্য্যসকলৰ মূল বৈদিক ধৰ্ম সম্বন্ধে পোন পহিলতে বুদ্ধই মতভেদ প্ৰকাশ কৰে। কালক্ৰমত ভালেমান লোকে তেওঁৰ মত অনুসৰণ কৰি- বলৈ লয় আৰু তাৰ ফলত ধৰ্ম্মত দলাদলিৰ সৃষ্টি হয় আৰু নতুন মত অনুসৰণ কৰা লোক সকলে নিজকে বৌদ্ধ বুলি কবলৈ ধৰে। এওঁৰ নতুন মত কি আছিল, তাৰ উত্থান, প্ৰসাৰ আৰু পতন আদি কথা বুৰঞ্জী- লেখকৰ কাৰণে বৰ কৌতুহলৰ কথা আছিল, কিন্তু এতিয়া আৰু সেই সম্বন্ধে মন্তব্য কৰাৰ পৰা কি লাভ হব? পিচে, আগৰ দুখৰ কথাকে আকৌ ইয়াতে দোহাৰি কব লগীয়া হল যে ইতিহাসৰ অভাৱত আমিও সমগ্ৰ সংসাৰৰ লগতে এই আপুৰুগীয়া লাভৰ পৰা বঞ্চিত হলোঁহক। যদিও বুদ্ধ সম্বন্ধে আমি কোনো তথ্যাদি পোৱাৰ উপায় নাই, তথাপি এইখিনি কথা হলে স্পষ্ট যে তেওঁৰ বুদ্ধি নিশ্চয় অলৌকিক আছিল, কিয়নো প্ৰতিপক্ষী সকলেও অৰ্থাৎ ব্ৰাহ্মণসকলেও তেওঁক ঈশ্বৰৰ সাক্ষাৎ নৱম অৱতাৰ বুলি মানি লৈছে। জয়দেৱে ‘গীত গোৱিন্দ’ৰ আৰম্ভনিতে কৈছেঃ

নিন্দসি যজ্ঞৱিধেৰহহ শ্ৰুতিজাতং
সদয়হৃদয়দৰ্শিত পশুঘাতং
কেশৱ ধৃত বুদ্ধ শৰীৰ
জয় জগদীশ হৰে॥  ( ধ্ৰুৱ পদ)

 ‘••••••খৃষ্টীয় চনৰ আৰম্ভনিতে বুদ্ধ আৰু ব্ৰাহ্মণ সকলৰ মাজত বৰ বাদবিবাদ হৈছিল, শঙ্কৰচাৰ্য্যই বৌদ্ধ ধৰ্ম্মৰ খণ্ডন কৰিছিল আৰু পুনৰ ব্ৰাহ্মণ ধৰ্ম্মৰ প্ৰতিষ্ঠা কৰিছিল। এইদৰে বৌদ্ধসকলৰ পৰাজয় হোৱাৰ ফলত তেওঁলোকৰ কিছুমান স্বেচ্ছাৰে নহলে ৰাজাজ্ঞাৰে দেশ ত্যাগ কৰি