পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আত্মবাদ
১৯১
 


 অঙ্গুষ্ঠমাত্ৰঃ পুৰুষো মধ্য আত্মনি তিষ্ঠতি।[১০]

 অৰ্থাৎ 'বুঢ়া আঙুলিৰ সমান সেই পুৰুষ আত্মাৰ মাজত থাকে।'

 আৰু মানুহ টোপনি গলে আত্মা তেওঁৰ শৰীৰৰ পৰা ওলাই বাহিৰত ফুৰিবলৈ যায় :

 স যথা শকুনিঃ সূত্ৰেণ প্ৰবদ্ধো দিশং দিশং পতিত্বান্যত্ৰায়তনমলব্ধৱা বন্ধন- মেৱোপশ্ৰযত এৱমেৱ খলু সোম্য তন্মনো দিশং দিশং পতিত্বান্যত্ৰায়- তনমলব্ধৱা প্ৰাণমেৱোপশ্ৰযতে প্ৰাণবন্ধনং হি সোম্য মন ইতি।[১১]

 অৰ্থাৎ 'এই আত্মা এনেকুৱা ঠিক যিদৰে জৰীৰে সাঙুৰি ৰখা চৰাই চাৰিওপিনে উৰি ফুৰে আৰু তাত থাকিব নোৱৰা হেতুকে বন্ধনলৈকে উভতি আহে, ঠিক তেনেকৈযে হে সৌম্য, মনৰ কাৰণে আত্মা চাৰিওপিনে উৰি ফুৰে আৰু তাত ঠাই নোপোৱা হেতুকে প্ৰাণৰ আশ্ৰয় গ্ৰহণ কৰে, কিয়নো প্ৰাণ হৈছে মনৰ বন্ধন।'

 শাশ্বতৱাদ আৰু উচ্ছেদৱাদ—বুদ্ধৰ সমসাময়িক শ্ৰমণ ব্ৰাহ্মণসকলৰ মাজত আত্মা সম্বন্ধে এনেকুৱা নানাপ্ৰকাৰ উদ্ভট কল্পনাবোৰৰ চলতি আছিল। তেওঁলোকক দুটা শ্ৰেণীত ভগাব পৰা যায়। তাৰে এটা শ্ৰেণীয়ে কৈছিল :

 সস্‌সতো অত্তা চ লোকো চ ৱংঝো কুটট্‌ঠো এসিকট্‌ঠায়ী ঠিতো।

 অৰ্থাৎ ‘আত্মা আৰু জগৎ শাশ্বত। সি (আত্মা) বন্ধ্য, কূটস্থ আৰু নগৰ-দ্বাৰত থিয় হৈ থকা স্তম্ভৰ নিচিনা স্থিৰ।[১২]

 এই মতবাদত পূৰণ কস্‌সপ, মক্‌খলি গোসাল, পকুধ কচ্চায়ন আৰ নিগণ্ঠ নাথপুত্তৰ মত সামৰি লব পৰা যায়।


(১০)^ কঠোপনিষদ, ২।৪।১২।
(১১)^ ছান্দোগ্য উপনিষদ, ৬।৮।২।
(১২)^ এয়া আৰু আন ভালেমান আত্মবাদৰ কথা 'দীঘনিকায়’ৰ ব্ৰহ্মজালসুত্তত দিয়া হৈছে। আন আন নিকায়তো ভিন ভিন আত্মবাদৰ উল্লেখ পোৱা যায়।