পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯০
ভগৱান বুদ্ধ
 


 নিৰ্গ্ৰন্থ—যদি তেনেকুৱাই হয় তেন্তে বিম্বিসাৰ ৰজাৰ তুলনাত আয়ুষ্মন্ গৌতমেই অধিক সুখী।'

 বৌদ্ধমতৰ বিশেষত্ব দেখুৱাবলৈ এই সংবাদ ৰচনা কৰা হৈছে, তথাপি ইয়াত জৈন মতৰ বিপৰ্য্যাস কৰা হোৱা নাই। তেওঁলোকৰ বক্তব্য হল যে তপস্যা আৰু চাতুৰ্যামৰ দ্বাৰা পুৰ্ব্বজন্মৰ কৰ্ম্ম ক্ষয় কৰিব পৰা যায়, আৰু এই পৰম্পৰা এতিয়াও চলি আছে।

 আত্মা সম্বন্ধে কল্পনা—এই আচাৰ্য্য আৰু তেওঁলোকৰ সমসাময়িক শ্ৰমণসকলৰ মনত আত্মা সম্বন্ধে এনে কিছুমান অদ্ভুত কল্পনা আছিল যে তাৰ সামান্য নমুনা উপনিষদ বোৰতো পোৱা যায়। উদাহৰণৰ কাৰণে এই কল্পনাটোলৈ লক্ষ্য কৰক; ইয়াত কোৱা হৈছে যে আত্মা চাউল আৰু যৱতকৈও সৰু আৰু সি হৃদযত থাকে :

 এষ মে আত্মাৰ্ন্ত হৃদয়েহণীয়ান্‌ব্ৰীহেৰ্বা যৱাদ্বা সৰ্ষপাদ্বা শ্যামাকাদ্বা শ্যামাক-তণ্ডুলাদ্বা।[৮]

 অৰ্থাৎ ‘এই মোৰ আত্মা অন্তৰ্হৃদয়ত (থাকে)। সি চাউলতকৈও, যৱতকৈও, সৰিয়হতকৈও শ্যামাক নামৰ ধান বা তাৰ চাউলতকৈও সৰু।’

 আৰু সি তিমানেই ডাঙৰো—

 মনোময়োয়ং পুৰুষোভাঃ সত্যস্তম্মিন্নন্তৰ্হৃদয়ে যথা ব্ৰীহিৰ্ৱা যৱো বা।[৯]

 অৰ্থাৎ ‘এই পুৰুষৰূপী আত্মা মনোময় ভাস্বান আৰু সত্যৰূপী আৰু ই অন্তৰ্হৃদয়ত এনেকৈ থাকে ঠিক যেনিবা চাউল বা যবৰ দানাহে।’

 পিচত এই কল্পনা প্ৰচলিত হল যে আত্মা বুঢ়া আঙলিৰ সমান ডাঙৰঃ


(৮)^ ছান্দোগ্য উপনিষদ, ৩।১৪।৩।
(৯)^ বৃহদাৰণ্যক উপনিষদ, ৫।৩।১।