সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯২
ভগৱান বুদ্ধ
 


 দ্বিতীয় শ্ৰেণীৰ শ্ৰমণ-ব্ৰাহ্মণে উচ্ছেদৱাদৰ প্ৰতিপাদন কৰিছিল। তেওঁলোকৰ মতে :

 অয়ং অত্তাৰূপী চাতুম্মাহাভূতিকো মাতাপেত্তিসম্ভৱো কায়স্‌স ভেদা উচ্ছিজ্জতি ৱিতস্‌সতি ন হোতি পৰং মৰণা॥

 অৰ্থাৎ 'এই আত্মা জড, চাৰিটা মহাভূতেৰে সৃষ্ট, আই-বোপাইৰ পৰা উৎপন্ন। সি শৰীৰ-ভেদৰ পিচত ছিন্ন হৈ যায, তাৰ বিনাশ হয়, সি মৃত্যুৰ পিচত আৰু নাথাকে।'

 এই মত প্ৰতিপাদন কৰা শ্ৰমণসকলৰ ভিতৰত অজিত কেসকম্বল মুখ্য আছিল। এই মতবাদৰ মাজত আকৌ এনে এচাম শ্ৰমণ ব্ৰাহ্মণো আছিল যি কৈছিল আত্মাৰ কিছু অংশ শাশ্বত আৰু কিছু অংশ অশ্বাশ্বত। সঞ্জয বেলট্‌পুত্তৰ মত এনে ধৰণৰ যেন লাগে। পিচলৈ জৈনসকলেও এই মত স্বীকাৰ কৰি লয।

 আত্মবাদৰ পৰিণাম—এই আত্মবাদবোৰৰ পৰিণাম অধিক খিনি দুই ধৰণৰ হয। এটা হল—বিলাসকে সুখ বুলি ভবা আৰু আনটো হল তপস্যা কৰি শৰীৰক কষ্ট দিয়া।

 পূৰণ কস্‌সপৰ মতে যদিহে আত্মাই কাকো নামাৰে তেন্তে নিজৰ সুখভোগৰ কাৰণে আনক হত্যা কৰাত কি আপত্তি হব পাৰে? জৈনসকলৰ মতে আকৌ আত্মা পুৰ্ব্বজন্মৰ কৰ্ম্মেৰে বদ্ধ হয়। গতিকে ইয়াৰ পৰিণাম হিচাপে সেই কৰ্ম্মদোষ খণ্ডন কৰিবলৈ কঠোৰ তপস্যা কৰাটো স্বাভাৱিক কথা। যদিহে এই কথা মানি লোৱা হয় যে আত্মা অশাশ্বত, মৃত্যুৰ পিচত সি নাথাকে, তেন্তে তাৰ ফলত দুই প্ৰকাৰৰ মতৰ উদ্ভৱ হব পাৰে; যেনে, যেতিয়ালৈকে আমি জীয়াই থাকোঁহক তেতিয়ালৈকে বিলাসত মগ্ন হৈ থাকিব পাৰোঁহক অথবা এই ভোগক অশাশ্বত বুলি ধৰি লৈ তপস্যাও কৰিব পৰা যায়।