পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰাৱক সংঘ
১৬১
 


দেৱদত্তই দুষ্ট বুদ্ধি কৰি ভগৱানক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল, তেন্তে তেওঁৰ পক্ষে ভিক্ষু সংঘত ভেদ ভাৱৰ সৃষ্টি কৰাটো সম্ভৱপৰ নহলহেঁতেন আৰু কোনো ভিক্ষুও তেওঁৰ ভক্ত নহল হেঁতেন।

 ‘লাভসৎকাৰসংযুক্ত’ৰ ৩৬শ সুত্তত এই বুলি দেখুৱা হৈছে যে অজাতশত্ৰু যুৱৰাজ থাকোঁতেই তেওঁৰ লগত দেৱদত্তৰ মিত্ৰতা হয় আৰু তেতিয়াৰ পৰাই দেৱদত্তই নেতৃত্ব লাভৰ বাবে চেষ্টা কৰে। এই সুত্তৰ সাৰাংশ হল এই:

 ‘বুদ্ধ ভগৱান ৰাজগৃহৰ ৱেলুৱনত আছিল। সেই সময়ত ৰাজকোঁৱৰ অজাতশত্ৰুৱে ৫০০ ৰথ লগত লৈ পুৱা আৰু গধুলি দেৱদত্তৰ দৰ্শন কৰিবলৈ গৈছিল আৰু দেৱদত্তৰ ওচৰলৈ ৫০০ পাত্ৰৰ (মানুহৰ) বাবে ভোজন সামগ্ৰী পঠাই দিছিল। কিছুমান ভিক্ষুৱে ভগৱানক এই কথা জনায়। তেতিয়া ভগৱানে কয়, “হে ভিক্ষুসকল, আপোনালোকে দেৱদত্তৰ লাভ-সৎকাৰৰ প্ৰতি স্পৃহা নকৰিব। এই লাভৰ পৰা দেৱদত্তৰ হানিহে হব, বৃদ্ধি নহয়।”

 ইয়াৰ বাহিৰেও দেৱদত্ত সম্পৰ্কে তলত দিয়া গাথাৰ দুঠাইত ভগৱানৰ উক্তি পোৱা যায়।

ফলং ৱে কদলিং হন্তি ফলং ৱেলুং ফলং নলং
সকাৰৰ কাপুৰিসং হন্তি গদ্ভো অস্সতৰিং যথা॥

 অৰ্থাৎ ‘ফলে কলগছক ধ্বংস কৰে, ফলৰ পৰা বাহ আৰু নল নষ্ট হয়। খচ্চৰীৰ গৰ্ভই খচ্চৰীৰ নাশ কৰে। সেইদৰে সৎকাৰে কাপুৰুষক নাশ কৰে।’

 ইয়াৰ পৰা অনুমান কৰিব পাৰি যে অজাতশত্ৰুৰ সাহায্য লৈ দেৱদত্তই

অধিকাৰ লাভৰ কাৰণে কিদৰে চেষ্টা কৰিছিল। অজাতশত্ৰুই নিজৰ


 (৬) ‘সংযুত্তনিকায়’ (P. T. S.) ভাগ ২, পৃষ্ঠা ২৪১ আৰু ‘অঙ্গুত্তথনিকায়’ (P. T. S.) ভাগ ২,পৃষ্ঠা ৭৩

 ১১