পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬২
ভগৱান বুদ্ধ
 


বাপেকক হত্যা কৰি ৰাজ্য লাভ কৰিছিল। তথাপিও দেৱদত্তই তেওঁৰ লগত মিত্ৰতা এৰা নাছিল আৰু তেওঁৰ সাহায্য লৈ সংঘত ভেদাভেদৰ সৃষ্টি কৰি ভালেমান ভিক্ষুক নিজৰ ফলীয়া কৰি লৈছিল। সেই বুলি দেৱদত্তৰ দ্বাৰা অনুষ্ঠিত এই ভেদাভেদৰ দ্বাৰা সংঘৰ হানি নহল আৰু এই সংকটৰ ফলত সংঘ শকত হৈহে উঠিল।

 ভিক্ষু সংঘত আৰু এটা কাঁজিয়া-কৌশাম্বীত ভিক্ষু-সংঘৰ মাজত আৰু এটা সাধাৰণ ধৰণৰ কাঁজিয়া লাগিছিল, ‘মহাৱগ্‌অগ’ত তাৰ বিতং বিৱৰণ পোৱা যায়। ‘মহাৱগগ’ৰ লেখক বা লেখক সকলে এই কথা এনেদৰে ৰচনা কৰিছে যাতে এনে ধৰণৰ আন প্ৰসঙ্গতো ইয়াক প্ৰয়োগ কৰিব পৰা যায়। ইয়াৰ সাৰাংশ হল এই- দুজন ভিক্ষুৰ মাজত বিনয়ৰ এটা সাধাৰণ নিয়ম সম্পৰ্কে মতভেদ হোৱাৰ ফলত কাঁজিয়া লাগে। তেতিয়া ভগৱানে তেওঁলোকক দীৰ্ঘায়ুৰ কাহিনী শুনায়; তথাপিও তেওঁলোকে নামানে। তাৰে এজন ভিক্ষুৱে কলে, ‘ভদন্ত, আপুনি শান্ত থাকক, এই কাজিয়াৰ পৰানো কি হয় আমি তাকে চাওঁহক। আটায়েৰে মন দূষিত হোৱা দেখিবলৈ পাই ভগৱানে কৌশাম্বীৰ পৰা প্ৰাচীন ৱংসদাৱ উপবনলৈ গল। তাত অনুৰুদ্ধ, নন্দিয় আৰু কিম্বিল নামৰ তিনিজন ভিক্ষু বাস কৰিছিল। তেওঁলোকৰ সংগঠন দেখি ভগৱানে তেওঁলোকক অভিনন্দন জনালে আৰু তাৰ পৰা ভগৱান পাৰিলেয্যক বনলৈ গল। সেই সময়ত হাতীৰ দলৰ এটা আগৰণুৱা হাতী দলত মন নবহা হেতুকে অকলে সেই বনতে আছিল। হাতীটোৱে বুদ্ধক আদৰণি জনালে। তাত কিছু সময় থাকি ভগৱান শ্ৰাৱস্তীলৈ গুচি গল।

 ইফালে আকৌ কৌশাম্বীৰ উপাসক সকলে সেই কাঁজিয়া কৰা ভিক্ষুসকলক এশিকণি দিয়াৰ উদ্দেশ্যে তেওঁলোকক কোনোৰূপ আদৰ(৭) চাওক, বুদ্ধলীলা সাৰসংগ্ৰহ, পৃষ্ঠা :১৮৭-১৮৮।