পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬০
ভগৱান বুদ্ধ
 


তেওঁলোকৰ সমুদায়ৰ মাজত মতভেদ হৈ দলাদলিৰ সৃষ্টি হয়। ইয়াৰ গুৰিতে হল অভিমান আৰু তাৰ লগৰীয়া অজ্ঞান। মানুহ লাগিলে যিমানেই সৰল ভাৱে নাথাকক তথাপি যদি মনত নেতা হোৱাৰ বাসনা থাকে তেন্তে তেনে লোকে আনৰ গুণকো দোষ বুলি কৈ নিজৰ বৰ মতালি দেখুৱাবলৈ চেষ্টা নকৰাকৈ নাথাকে। তেনে জালত অজ্ঞানী লোক পৰিলে তেওঁ সহজতে কোনো নতুন সম্প্ৰদায় স্থাপন কৰিব পাৰে।

 বৌদ্ধ-সংঘত এনে ধৰণৰ প্ৰথম ভিক্ষু আছিল দেৱদত্ত। তেওঁ শাক্য বংশৰ আছিল আৰু বুদ্ধৰ সম্পৰ্কীয় আছিল। তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যাতে সংঘৰ নেতৃত্ব ভাৰ তেওঁৰ ওপৰতে ন্যস্ত কৰা হয়। কিন্তু ভগৱানে তেওঁৰ প্ৰাৰ্থনা মঞ্জুৰ নকৰিলে। গতিকে তেওঁ বুদ্ধক মাৰি পেলাবলৈ অজাতশত্ৰু ৰজাৰ হতুৱাই ঘাতক পঠোৱাইছিল। কিন্তু ঘাতকহঁতে বুদ্ধক মাৰক নালাগে তেওঁৰ শিষ্যহে হল। তেতিয়া দেৱদত্তই গৃধ্ৰকূট পৰ্ব্বতৰ পৰা এটা গধুৰ শিল তুলি লৈ ভগৱানৰ গালৈ মাৰি পঠালে। তাৰে এটা টুকুৰা বুদ্ধৰ ভৰিত পৰাত তেওঁ আঘাত পায়। সেই ঘা শুকাই যোৱাত ভগৱান ভিক্ষাটনৰ বাবে ৰাজগৃহলৈ যায়। তেতিয়া দেৱদত্তই নালগিৰি নামৰ মতলীয়া হাতী এটা ভগৱানৰ ওপৰত মেলি দিয়ে। হাতীটোৱে ভগৱানৰ পদধুলি নিজৰ মুৰত লয় আৰু নীৰৱে নিজৰ হাতীশাললৈ গুচি যায়। এনেদৰে সকলোবোৰ কুটচক্ৰান্ত ব্যৰ্থ হোৱাত দেৱদত্তই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় যাতে সংঘত তপস্যাৰ বাবে কঠোৰ নিয়ম বান্ধি দিয়া হয়। কিন্তু ভগৱানে তাক স্বীকাৰ নকৰে। তেতিয়া সংঘত ভেদাভেদৰ সৃষ্টি কৰি কেইজনমান ভিক্ষুক লগত লৈ দেৱদত্ত গয়াৰ পিনে গুচি যায়।

 ‘চুলৱগ্‌গ’ত দেৱদত্তৰ এই কথা বিস্তাৰিত ভাৱে বৰ্ণনা কৰা হৈছে। কিন্তু তাত ঐতিহাসিক তথ্য হলে বৰ কম দেখা যায়, কিয়নো যদিহে


^ (৫) চাওক, ‘বুদ্ধলীলাসাৰ সংগ্ৰহ’, পৃষ্ঠা ১৭৯-১৮৮।