পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰাৱক সংঘ
১৫৫
 

সেই মতে চলে, তেতিয়ালৈকে ভিক্ষুসকলৰ অভিবৃদ্ধিহে হব, পৰিহানি নহয়। (৪) যেতিয়ালৈকে ভিক্ষুসকলে বুদ্ধ আৰু শীলৱান নেতাসকলক মানি চলে। (৫) যেতিয়ালৈকে ভিক্ষুসকল বাৰে বাৰে উৎপন্ন হোৱা তৃষ্ণাৰ বশীভূত নহয়। (৬) যেতিয়ালৈকে একান্তবাস ভিক্ষুসকলৰ ভাল লাগি থাকিব আৰু (৭) যেতিয়ালৈকে অনাগত সুজ্ঞ ব্ৰহ্মচাৰী আহে আৰু আগত সুজ্ঞ সুব্ৰহ্মচাৰী সুখত থাকে, ইয়াৰ বাবে ভিক্ষুসকল অনবৰত জাগ্ৰত থাকে, তেতিয়ালৈকে ভিক্ষুসকলৰ অভিবৃদ্ধিহে হব, পৰিহানি নহয়।'

 ইয়াৰ পৰা বুজিব পৰা যায় যে সংঘ একেঠাইত গোটখোৱা, এক- মতেৰে সংঘৰ কাম কৰা, বুদ্ধ আৰু শীলৱান ভিক্ষুৰ সম্মান ৰক্ষা কৰা আদি ‘ৱিনষপিটক’ত দিয়া নিযমবোৰ বুদ্ধ ভগৱানে ৱজ্জী আদি স্বতন্ত্ৰ গণৰাজ্যত প্ৰচলিত ব্যৱস্থাৰ পৰা গ্ৰহণ কৰিছিল।

 সংঘৰ কিছুমান নিয়ম সামাজিক ৰীতিৰ পৰাও লোৱা হৈছিল — কিন্তু ৰাজ্যৰ অনুশাসনৰ আটাইবোৰ নিয়ম সংঘত প্ৰৱৰ্ত্তন কৰাটো সম্ভৱপৰ নাছিল। সংঘত কোনো ভিক্ষুৱে কিবা অপৰাধ কৰিলে তেওঁৰ দণ্ড হিচাপে বৰ বেচি তেওঁক সংঘৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। ইয়াতকৈ অধিক আৰু কোনো কঠোৰ দণ্ড নাছিল, কিয়নো সংঘৰ আটাইবোৰ নিয়ম অহিংসাত্মক আছিল। তাৰে ভালেমান নিয়ম জনসাধাৰণৰ মাজত প্ৰচলিত ৰীতি-নীতিৰ পৰাও লোৱা হৈছিল। উদাহৰণৰ বাবে তলত দিয়া নিয়মলৈ লক্ষ্য কৰিব লগীয়া :

 বুদ্ধ ভগৱান আলৱীৰ অগ্‌গালয় চেতিয়াত আছিল। সেই সময়ত আলৱক ভিক্ষুই ভৱন-নিৰ্ম্মাণৰ কাম কৰাৰ বাবে মাটি খন্দাইছিল। তাকে দেখি মানুহে বু-বা কৰিবলৈ ধৰিলে। ভগৱানে সেই কথা জানিব পাৰি তেওঁক সেই কাম কৰিবলৈ নিষেধ কৰি ভিক্ষুসকলৰ