পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৬
ভগৱান বুদ্ধ
 


বাবে এই নিয়ম বান্ধি দিলে যি ভিক্ষুৱে মাটি খান্দে, খন্দুৱায়, তেওঁৰ পাচিত্তিয় হয়।

 ভগৱানে হলে ভিক্ষুসকলক এই বুলি আজ্ঞা দিছিল যে তেওঁলোক থাকিবলৈ পজাঘৰ বা সাধাৰণ বিহাৰ সাজি লব পাৰে আৰু তাক সাজোঁতে ভিক্ষুসকলে নিজে বা আনৰ হতুৱাই মাটি খন্দাটো কোনো পাপৰ কাম নহয়। তথাপি সাধাৰণ ৰাইজৰ সন্তোষৰ কাৰণে এই নিয়ম বান্ধি দিবলগীয়া হৈছিল। প্ৰায় সকলো শ্ৰমণ এই বিষয়ত সাৱধান আছিল যাতে তেনেই অকণি অকণি কীটানুৰো নাশ নহয়। তেওঁলোকে আনকি ৰাতি চাকিকে নজ্বলাইছিল; কাৰণ চাকি জ্বলালে চাকিৰ ওপৰত পোক-পতঙ্গ আহি পৰাৰ সম্ভাৱনা থাকে। সাধাৰণ ৰাইজো তেওঁলোকৰ এই আচাৰত অত্যন্ত হৈ গৈছিল। গতিকে এনে অৱস্থাত কোনো শ্ৰমণে নিজে কোৰ লৈ মাটি খান্দিবলৈ ললে, সাধাৰণ ৰাইজৰ মনত অসন্তোষ হোৱাটো তেনেই স্বাভাৱিক আছিল। তেওঁলোকৰ লগত বাদ-বিবাদ কৰি তেওঁলোকৰ দৃষ্টিকোণৰ সলনি কৰাটো বুদ্ধ ভগৱানে আৱশ্যক বুলি বিবেচনা নকৰিলে। তেওঁ জানিছিল যে তপস্যাত অনাহকতে সময়ৰ অপব্যয় নকৰি ৰাইজক ধৰ্ম্মোপদেশ দিবলৈ আৰু ধ্যান সমাধিৰ দ্বাৰা নিজৰ চিত্ত দমন কৰিবলৈ ভিক্ষুসকলৰ অৱসৰ হলেই সংঘৰ কাম সুগম হব। গতিকে যি ৰীতি-নীতি নিৰুপদ্ৰৱী আছিল, তাক সংঘত সামৰি লোৱাত ভগৱানৰ কোনো আপত্তি নাছিল।

 ভিক্ষুসংঘৰ সৰলতা-আন আন সংঘত চলা তপস্যা ভগৱান বুদ্ধই সমূলি ভাল নাপাইছিল। তেওঁ সততে সতৰ্ক দৃষ্টি ৰাখিছিল যাতে তেওঁৰ সংঘৰ ভিক্ষুসকলে অতিশয় সৰল জীৱন যাপন কৰে। যদিহে

ভিক্ষুসকল পৰিগ্ৰহী হৈ যায় তেন্তে সেই পৰিগ্ৰহেৰে সৈতে চাৰিওপিনে


 ^ (৩) চাওক, ‘বৌদ্ধ সংঘাচা পৰিচয়', পৃষ্ঠা ৯৭।