পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
ভগৱান বুদ্ধ
 


সংঘৰ সংগঠন

 বুদ্ধ ভগৱানে নিজৰ সংঘ সংগঠনত অতিশয় সতৰ্কতা অৱলম্বন কৰিছিল। তেওঁ সংঘৰ সংগঠন এনেভাৱে কৰিছিল যাতে তেওঁৰ পিচতে এই সংঘ স্বতন্তৰীয়াভাৱে থাকে আৰু অব্যাহতভাৱে ৰাইজৰ সেৱা কৰি থাকিব পাৰে। ৱজ্জীসকলৰ গণৰাজ্যত নেতাসকল গোট খাই ভাৱৰ আদান-প্ৰদান কৰিছিল আৰু পৰস্পৰে পৰস্পৰৰ মঙ্গলৰ বাবে আৱশ্যকীয় উপায়ৰ সংকেত দিছিল। বুদ্ধ ভগৱানে এই পদ্ধতিৰ অলপ- অচৰপ সংশোধন কৰি তাক তেওঁৰ সংঘত প্ৰয়োগ কৰিছিল চাগৈ; কিয়নো ‘মহাপৰিনিব্বানসুত্ত’ৰ আৰম্ভনিতে থকা বৰ্ণনাৰ পৰা এনে অনুমান কৰিব পৰা যায়।

 ভগৱান বুদ্ধৰ ওচৰলৈ ৱস্সকাৰ ব্ৰাহ্মণ যায় আৰু তেওঁৰ প্ৰভু অজাতশত্ৰুই বজ্জীসকলৰ ওপৰত আক্ৰমণ চলাবলৈ সিদ্ধান্ত লোৱাৰ কথা ভগৱানক জানিবলৈ দিয়ে। তেতিয়া ভগৱানে ৱস্সকাৰ ব্ৰাহ্মণৰ আগত কয়, ‘যেতিয়ালৈকে কাজীসকলে মই কোৱা সাতোটা নিয়ম মানি চলে, তেতিয়ালৈকে তেওঁলোকক কোনেও জয় কৰিব নোৱাৰে।’ তাৰ পিচত ৱস্সকাৰ গুচি যোৱাৰ পিচত ভগৱানে ভিক্ষু-সংঘক সম্বোধন কৰি কয়, ‘হে ভিক্ষুসকল, মই আপোনালোকৰ অভিবৃদ্ধিৰ (উন্নতিৰ) সাতোটা নিয়ম কওঁ, শুনক।--(১) যেতিয়ালৈকে ভিক্ষুসকল বাৰে বাৰে একত্ৰ হৈ থাকে, তেতিয়ালৈকে ভিক্ষুসকলৰ অভিবৃদ্ধিহে হব, পৰিহানি নহয়। (২) যেতিয়ালৈকে ভিক্ষুসকল একমত হৈ গোটখাব আৰু একে মতেৰে সংঘৰ কামৰ বিচাৰ কৰি উঠিব, তেতিয়ালৈকে ভিক্ষুসকলৰ অভিবৃদ্ধিহে হব, পৰিহানি নহয়। (৩) যেতিয়ালৈকে সংঘৰ দ্বাৰা ৰচিত নিয়ম সম্বন্ধে ভিক্ষুৱে নকয় যে এই নিয়ম সংঘৰ দ্বাৰা ৰচিত আৰু যেতিয়ালৈকে তেওঁলোকে সেই নিয়ম ভঙ্গ নকৰে, নিয়মৰ তাৎপৰ্য্য বুজি