পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰাৱক সংঘ
১৫৩
 

থকা দেখি তেওঁ কলে, ‘তুমিও মোৰ নিচিনাকৈ পথাৰত হাল ধৰা, খেতি লগোৱা, খেতি চপোৱা আৰু খোৱা। তুমি কিয় ভিক্ষা মাগি ফুৰা?'
 ভগৱানে কলে, ‘ময়ো খেতিয়ক। মই শ্ৰদ্ধাৰ বীজ সিঁ‌চি দিওঁ। তাৰ ওপৰত তপশ্চৰ্য্যাৰ (প্ৰযত্নৰ) বৃষ্টি পৰে। প্ৰজ্ঞা মোৰ নাঙল। পাপ-লজ্জা হালৰ মুঠি, চিত্ত জৰী, স্মৃতি (জাগৃতি) হালৰ ফাল আৰু এচাৰি। শৰীৰ আৰু বাণীৰে মই সংযম ৰক্ষা কৰোঁ। আহাৰ বিষয়ত নিয়মিত থাকি সত্যৰ দ্বাৰাই মই (মনৰ দোষ সমূহৰ) বিচাৰ কৰোঁ‌। সন্তোষ মোৰ জিৰণি। উৎসাহ মোৰ বলধ। মোৰ বাহন এনে দিশলৈ যায় য’ত কোনো শোক কৰিব লগাত নপৰে।'
 ভৰদ্বাজে ততালিকে এই কথাৰ তাৎপৰ্য্য বুজি পালে আৰু তেৱোঁ‌ বুদ্ধৰ শিষ্য হৈ গল।
 এই উপদেশত বুদ্ধই খেতি কৰাত নিষেধ কৰা নাই। তেওঁৰ উপদেশৰ সাৰমৰ্ম্ম ইমানেই যে সেই খেতিৰ গুৰিত নৈতিক আদৰ্শ নাথাকিলে তাৰ পৰা সমাজৰ সুখৰ সলনি দুখহে হব। এজনে কৰা খেতি আন এজনে কাটি লৈ গলে কোনেও আৰু খেতি কৰিবলৈ সাজু নাথাকিব। তেতিয়া সমাজৰ অৱস্থা ভয়ঙ্কৰ হৈ উঠিব। গতিকে প্ৰথমতে সকলোৰে হিত সম্বন্ধে অহিংসাত্মক হব লাগে। তেনে ধৰণৰ মানসিক খেতি নকৰিলে এই বাস্তৱ খেতিৰ পৰা কোনো উপকাৰ নহব জানি বুদ্ধই নিজৰ সংঘক সমাজত নৈতিক জাগৰণৰ সৃষ্টি কৰিবলৈ প্ৰবৃত্ত হোৱাৰ বাবে উপদেশ দিয়ে। এতেকে বৌদ্ধ-সংঘৰ সংখ্যা তাকৰীয়া হোৱা সত্ত্বেও বৌদ্ধ ভিক্ষুসকল অলপ দিনৰ ভিতৰতে ৰাইজৰ প্ৰিয় হৈ উঠে আৰু নিজৰ পুৰুষাৰ্থৰ বলত আন আন শ্ৰমণ-সংঘতকৈ আগ-

বাঢ়ি যায়।