পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
ভগৱান বুদ্ধ
 

তিৰােতা আনন্দ-কেলিত মতলীয়া হৈ থাকোঁতে বেশ্যাজনীয়ে ভালেমান বয়-বস্তু লৈ পলাই গৈছিল। সেই সময়তে বুদ্ধ ভগৱানে সেই উপবনৰ এজোপা গছৰ তলত জিৰণি লবলৈ বহিছিল। সেই ত্রিশজন যুৱকে যেতিয়া শুনিবলৈ পালে যে বহুমূলীয়া বয়-বস্তু লৈ বেশ্যাজনী পলাই গৈছে তেতিয়া তেওঁলােকে তাইক বিচাৰি বিচাৰি বুদ্ধ ভগৱান বহি থকা ঠাইত গৈ উপস্থিত হল। তেওঁলােকে ভগৱানক সুধিলে, ‘ভদন্ত, আপুনি এই পিনেৰে গাভৰু তিৰােতা এজনী যােৱা দেখিছেনে?'

 ভগৱানে কলে, ‘হে তৰুণ গৃহস্থসকল, কোনাে তৰুণী স্ত্রীক বিচাৰি ঘুৰি ফুৰা আৰু আত্মবােধ প্রাপ্তি কৰা—এই দুটাৰ ভিতৰত আপােনালােকৰ কোনটো ভাল লাগে?’

 বুদ্ধৰ কথা শুনি তেওঁলােক তেওঁৰ ওচৰত বহি গল আৰু ভালেখিনি সময় ধৰি তেওঁৰ উপদেশ শুনাৰ পিচত সেই যুৱক কেইজনে গৃহস্থাশ্রম ত্যাগ কৰি ভিক্ষু-সংঘত যােগদান কৰিলে।

 কাশ্যপ-বন্ধু-সেই উপবনৰ পৰা গৈ ভগৱান উৰুৱেলাত উপস্থিত হল। তাত উৰুৱেল কাশ্যপ, নদী কাশ্যপ আৰু গয়া কাশ্যপ নামৰ তিনিজন জটাধাৰী বন্ধুৱে ক্রমে পাঁচশ, তিনিশ আৰু দুশ জটাধাৰী শিষ্যৰ লগত অগ্নিহােত্র কৰি তপস্যা কৰি আছিল। তাৰে ডাঙৰজনৰ আশ্রমতে বুদ্ধ ভগৱান ৰল আৰু তাতে অলৌকিক চমৎকাৰ দেখুৱাই উৰুৱেল কাশ্যপ আৰু তেওঁৰ পাঁচ শ শিষ্যক ভিক্ষু-সংঘত ভৰ্ত্তি কৰালে। উৰুৱেল কাশ্যপক দেখি তেওঁৰ লগৰীয়া দুজনেও নিজৰ নিজৰ শিষ্যৰে সৈতে বুদ্ধৰ অনুগামী হল।

 বিৰাট ভিক্ষু-সংঘৰ লগত ৰাজগৃহ প্রৱেশ-এই এহেজাৰ তিনি জন ভিক্ষুক লগত লৈ বুদ্ধ ভগৱান ৰাজগৃহলৈ গল। তাত অত