পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰাৱক সংঘ
১৪৩
 

তেওঁলােকেও ঋষিপত্তনলৈ গৈ বুদ্ধৰ উপদেশ শুনিলে আৰু নিজৰ মিত্ৰবৰ্গৰ নিচিনাকৈ সংঘত প্ৰৱেশ কৰিলে। এইদৰে ঋষিপত্তনত ষাঠিজন ভিক্ষুৰ সংঘ প্রতিষ্ঠা হল।

 বহুজন-হিতৰ কাৰণে ধৰ্ম্মৰ প্ৰচাৰ-চাতুর্মাসৰ অন্তত বুদ্ধ ভগৱানে নিজৰ ভিক্ষু-সংঘক সম্বােধন কৰি কলে, ‘মই গৃহস্থী আৰু স্বর্গীয় পাশৰ পৰা মুক্ত হৈ গৈছোঁ আৰু আপােনালােকো সেই পাশৰ পৰা মুক্ত হৈছে। গতিকে হে ভিক্ষুসকল, এতিয়া আপােনালােকে বহুজনৰ হিতৰ কাৰণে, সুখৰ কাৰণে, মানুহৰ ওপৰত অনুকম্পা কৰাৰ বাবে, দেৱ আৰু মনুষ্যৰ কল্যাণৰ হকে ধৰ্ম্মোপদেশ দিয়াত প্রবৃত্ত হৈ যাওক। একেটা পথেৰে দুজন নাযাব! আৰম্ভনিতে কল্যাণ-প্রদ, মধ্যত কল্যাণ-প্রদ আৰু অন্তত কল্যাণ-প্রদ এই ধৰ্ম্ম-মার্গ সম্বন্ধে মানুহক উপদেশ দিয়ক।'

 এইদৰে বুদ্ধ ভগৱানে তেওঁৰ ষাঠিজন ভিক্ষুক চাৰিওপিনে পঠিয়াই দিছিল। তেওঁলােকে আন আন যুৱকসকলক ভগৱানৰ ওচৰলৈ লৈ গৈছিল আৰু ভগৱানে তেওঁলােকক প্রব্রজ্যা দি নিজৰ ভিক্ষু-সংঘৰ অন্তর্ভুক্ত কৰি লৈছিল। কিন্তু এই পদ্ধতিৰে ষাঠিজন ভিক্ষু আৰু নতুনকৈ ভিক্ষু হব খােজা তৰুণ সকলৰ কষ্ট হবলৈ ধৰিলে, সেইবাৰে ভগৱানে ভিক্ষুসকলক এই বুলি অনুজ্ঞা দিলে যে তেওঁলােকে নিজেই আন লােকক প্রব্রজ্যা দি সংঘত ভৰ্তি কৰাই লব পাৰিব। তাৰ পিচত তেওঁ উৰুৱেলাৰ পিনে যাত্রা কৰিলে।

 ভদ্ৰৱৰ্গীয় ভিক্ষু—বাটতে ভদ্দৱগ্‌ৰ্গীয় নামৰ ত্রিশজন যুৱক লগত নিজ নিজ তিৰােতাক লৈ এখন উদ্যানত আনন্দ কৰিবলৈ আহিছিল। তাৰে এজনৰ নিজৰ তিৰােতা নাছিল। গতিকে তেওঁৰ কাৰণে এজনী বেশ্যা অনা হৈছিল। সেই ত্রিশ জন যুৱক আৰু ঊনত্রিশ গৰাকী