পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰাৱক সংঘ
১৪৫
 

বিৰাট ভিক্ষু-সংঘ দেখিবলৈ পাই নাগৰিকসকলৰ মাজত বৰ হৈ-চৈ লাগি পৰিছিল। ৰজা বিম্বিসাৰ আৰু তেওঁৰ পাত্ৰ-মন্ত্ৰীসকল বুদ্ধক আদৰনি জনাবলৈ আহিল। বিম্বিসাৰে পিচদিনা বুদ্ধ আৰু তেওঁৰ ভিক্ষুসংঘক ভিক্ষাৰ বাবে ৰাজমহললৈ আমন্ত্রণ কৰিলে আৰু তেওঁলােকৰ ভােজন শেষ হােৱাৰ পিচত ভিক্ষু-সংঘক বেণু-বন-উদ্যান দান কৰিলে।

 সাৰিপুত্ত আৰু মােগ্‌গল্লান—সঞ্জয় নামৰ এজন প্রসিদ্ধ পৰিব্রাজক ৰাজগৃহৰ ওচৰত নিজৰ ভালেমান শিষ্য প্রশিষ্য লৈ বাস কৰিছিল। সঞ্জয়ৰ দুজন মুখ্য শিষ্য আছিল সাৰিপুত্ত আৰু মােগ্‌গল্লান। কিন্তু সেই সম্প্রদায়ত তেওঁলােকৰ মন বহা নাছিল। তেওঁলােকে নিজৰ ভিতৰতে এই বুলি থিৰ কৰি লৈছিল যে সদ্ধৰ্ম্মৰ পথ দেখুৱাই দিব পৰা আন কোনো ব্যক্তিক তেওঁলােকৰ দুজনৰ ভিতৰত এজনে লগ পালে আন জনক সেই কথা জনাব আৰু দুয়াে মিলি সেই ধৰ্ম্ম গ্ৰহণ কৰিব।

 এদিনাখন অস্‌সজি ভিক্ষুই ৰাজগৃহত ভিক্ষাটন কৰি আছিল। তেওঁৰ শান্ত আৰু গম্ভীৰ মুখাৱয়ৱ দেখি সাৰিপুত্তৰ এই ধাৰণা হল যে তেওঁ নিশ্চয় কোনো নিৰ্ব্বাণ মার্গ অনুসৰণ কৰা পৰিব্ৰাজক হব। অস্‌সজিৰ লগত কথা-বতৰা হৈ তেওঁ জানিব পাৰিলে যে অস্‌সজি বুদ্ধৰ শিষ্য, আৰু বুদ্ধৰ ধৰ্ম্ম-মার্গই প্রকৃত পথ। সাৰিপুত্তই সেই কথা মােগ্‌গল্লানক জনালে আৰু তেওঁলােকে আন মার্গৰ আঢ়ৈশ পৰিব্ৰাজকৰে সৈতে বুদ্ধৰ ওচৰলৈ গৈ ভিক্ষু-সংঘত যোগদান কৰিলে।

ঐতিহাসিক তথ্যৰ বিচাৰ

 যশ আৰু আন ৫৪ জন তৰুণ ভিক্ষু হােৱাৰেপৰা ইয়ালৈকে বর্ণনা কৰা আটাইখিনি ‘মহাৱগ্‌গ'ৰ বৰ্ণনাৰ সাৰাংশ হিচাপে লােৱা হৈছে।[১]


[] (১) 'বুদ্ধ-লীলা সাৰ সংগ্ৰহ', পৃষ্ঠা ১৬০-১৬৫, আৰু 'বৌদ্ধ সংঘাচা পৰিচয়', পৃষ্ঠা ৭-৮