সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
ভগৱান বুদ্ধ
 

 তাৰ পিচত বুদ্ধ ভগৱানে ৱপ্প (ৱাষ্প) আৰু ভদ্দিয় (ভদ্রিক)-কো ধৰ্ম্ম সম্বন্ধে বুজালে আৰু কিছুদিনৰ পিচত তেওঁলােকৰো ধৰ্ম্ম-মাৰ্গৰ বােধ হল। তাৰে কিছুদিনৰ পিচত মহানাম আৰু অস্‌সজিৰো (অশ্বজিত)ৰে এই নতুন ধৰ্ম্ম-মাৰ্গৰ বােধ হয় আৰু এই পঞ্চবর্গীয় ভিক্ষু বুদ্ধৰ একনিষ্ঠ ভক্ত হৈ পৰে। এই কামত কিমান সময় লাগিছিল সেই বিষয়ে উল্লেখ কৰা হােৱা নাই। কিন্তু পঞ্চবর্গীয় ভিক্ষু প্ৰথমতে বুদ্ধৰ শিষ্য হয় আৰু তেওঁলােক পাঁচজনৰ ভিক্ষু সংঘ হয়, এই বিষয়ত ‘সুত্তপিটক’ আৰু ‘বিনয়পিটক’ৰ মাজত এক মত দেখা যায়৷

 যশ আৰু তেওঁৰ লগৰীয়া—বুদ্ধ ভগৱানে যেতিয়া পঞ্চবর্গীয় ভিক্ষুকেইজনৰ লগত ঋষিপত্তনত বাস কৰিছিল তেতিয়া তেওঁ আৰু ৫৫ জন ভিক্ষুক কিদৰে লগ পাইছিল আৰু সেই চাতুর্মাসৰ পিচত ভগৱানে ৰাজগৃহলৈকে গৈ কিদৰে ভিক্ষু-সংঘৰ অতিশয় বিকাশ সাধন কৰিছিল, সেই সম্বন্ধে ‘মহাৱগ্‌গত বর্ণনা কৰা আছে। তাৰে সাৰাংশ তলত দিয়া হল—

 বাৰাণসীত যশ নামৰ এজন সুসম্পন্ন তৰুণ আছিল। হঠাৎ গৃহস্থীৰ প্রতি তেওঁৰ মনত বিৰাগ জন্মিল আৰু তেওঁ শান্তিপুর্ণ ঠাই বিচাৰি বিচাৰি ঋষিপত্তনত উপস্থিত হলগৈ। বুদ্ধই তেওঁক ধৰ্ম্মোপদেশ দি নিজৰ সংঘত ভৰ্ত্তি কৰাই ললে। তেওঁক বিচাৰি বিচাৰি মাক-বাপেকো ঋষিপত্তনত উপস্থিত হল; বুদ্ধই তেওঁলােককো উপদেশ দিলে। ফলত তেওঁলােকে উপাসক হৈ গল।

 বাৰাণসী নগৰী নিবাসী যশৰ চাৰিজন মিত্র বিমল, সুবাহ, পুণ্ণজি (পুর্ণজিৎ) আৰু গৱংপতিয়ে (গৱাংপতি) শুনিলে যে যশ ভিক্ষু হৈ বুদ্ধৰ সংঘত প্ৰৱেশ কৰিছে, তেতিয়া তেওঁলােকো ঋষিপত্তনলৈ গৈ বুদ্ধৰ সংঘত ভৰ্ত্তি হল। তেওঁলােক আটায়েৰে পঞ্চাশজন মিত্ৰ আহিল।