‘ললিতৱিন্তৰ' ষষ্ঠবিংশ অধ্যায়ত ইয়াৰ সংস্কৃত অনুবাদ দিয়া হৈছে। আমি ইয়াত মূল পালি সুত্তৰ ৰূপান্তৰ কৰি দিলোহঁক—
ধর্মচক্র প্রৱৰ্ত্তন—এইটো মই শুনা কথা। এবাৰ ভগৱান বাৰাণসীৰ ঋষিপত্তনৰ মৃগবনত আছিল। তাত ভগৱানে পঞ্চবর্গীয় ভিক্ষুসকলৰ আগত কৈছিল, 'ভিক্ষুসকল, ধাৰ্ম্মিক মানুহে (পব্বজিতেন) এই দুটা অন্তলৈকে যােৱা উচিত নহয়। এই দুটা অন্তনো কি? প্ৰথমটো হল কামােপভােগক সুখ বুলি মনাটো। ই অন্তহীন, গ্রাম্য, সামান্য জনসেৱিত, অনাৰ্য্য আৰু অনর্থাৱহ। দ্বিতীয়টো হল দেহ-দণ্ডন কৰাটো। এই অন্ত দুঃখকাৰী, অনাৰ্য্য আৰু অনর্থাৱহ। এই দুটা অন্তলৈ নােযােৱাকৈয়ে জ্ঞান-চক্ষু উৎপন্ন কৰিব পৰা, উপশম, প্রজ্ঞা, সম্বােধ আৰু নিৰ্ব্বাণৰ কাৰণ হব পৰা মধ্যম মার্গ তথাগতই বিচাৰি উলিয়াইছে। সিনো কি? সম্যক দৃষ্টি, সম্যক সংকল্প, সম্যক বাক্য, সম্যক কৰ্ম্মান্ত, সম্যক আজীৱ, সম্যক ব্যায়াম, সম্যক স্মৃতি, সম্যক সমাধিয়েই হল আৰ্য্য অষ্টাঙ্গিক মার্গ।
'ভিক্ষুসকল, দুঃখ নামৰ প্ৰথম আৰ্য্য সত্য এনেধৰণৰ। জন্ম দুঃখ-কাৰক। ব্যাধি দুঃখকাৰক। মৰণ দুঃখকাৰক। অপ্রিয়ৰ সমাগম আৰু প্ৰিয়ৰ বিয়ােগ দুঃখ কাৰক। ইচ্ছিত বস্তু নাপালেও দুখ হয়। সংক্ষেপতে পাঁচোটা উপাদান স্কন্ধ দুঃখকাৰক।[৭]
‘ভিক্ষুসকল, বাৰে বাৰে উৎপন্ন হােৱা আৰু নানা বিষয়ত আনন্দ পােৱা তৃষ্ণাই (যাক কাম-তৃষ্ণা, ভৱ-তৃষ্ণা আৰু বিনাশ-তৃষ্ণা বােলা হয়) দুঃখ সমুদয় নামৰ দ্বিতীয় আৰ্য্যসত্য।
[(৭)] স্কন্ধ পাঁচোটা৷ বাসনাময় হলে সিঁহতক উপাদান স্কন্ধ বোলা হয়৷ চাওক, 'বুদ্ধ ধৰ্ম্ম আশি সংঘ', পৃষ্ঠা ৯০-৯১