পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তপশ্বৰ্য্যা আৰু তত্ত্ববোধ
১৩১
 

চাগৈ ভগৱানে আন পন্থৰ শ্ৰমণক উপদেশ দিয়াটো নিৰৰ্থক বুলি বুজিব পাৰিছিল।

 পঞ্চবৰ্গীয় সকলৰ সমাধান-আষাঢ় পূৰ্ণিমাৰ আগতে ভগৱান বাৰাণসীত উপস্থিত হল। তেওঁ ঋষিপত্তনলৈ গলত তেওঁক দূৰৈৰ পৰা দেখা পাই পঞ্চবৰ্গীয় শ্ৰমণ কেইজনে স্থিৰ কৰি ললে যে তেওঁলোকে তেওঁৰ কোনো প্ৰকাৰৰ আদৰ-সৎকাৰ নকৰে, কিন্তু ভগৱান তেওঁলোকৰ ক্ৰমে ওচৰ চাপি যোৱাত তেওঁলোকৰ সেই সিদ্ধান্তও শিথিল হৈ গল আৰু অৱশেষত তেওঁলোকে তেওঁৰ উচিত আদৰ-সৎকাৰ কৰিলে। কিন্তু তেওঁৰ পৰা হলে তেওঁৰ নতুন ধৰ্ম্ম-মাৰ্গৰ কথা শুনিবলৈ তেওঁলোক সাজু নাছিল। ভগৱানে তেওঁলোকৰ আগত কলে, মই এটা নতুন ধৰ্ম্ম-মাৰ্গ লাভ কৰিছোঁ। তেতিয়া তেওঁলোকে কলে, ‘আয়ুষ্মান গৌতম, তোমাৰ তেনে ধৰণৰ তপশ্চৰ্য্যাৰ ফলতো সদ-ধৰ্ম্মৰ মাৰ্গ সম্বন্ধে বোধ হোৱা নাছিল। এতিয়াতো তুমি তপোভ্ৰষ্ট হৈ আহাৰ কৰিবলৈ আৰম্ভ কৰি দিছা। এনে অৱস্থাত তোমাৰ সদ্ধৰ্ম্মৰ মাৰ্গ সম্বন্ধে কিদৰে বোধ হব পাৰে?'

 ভগৱানে কলে, ‘হে ভিক্ষুসকল, ইয়াৰ আগতে জানো মই কোনো দিনে ফিটাহি মৰা কথা কৈছোঁ? যদি কোৱা নাই, তেন্তে আপোনালোকে মোৰ কথা মন দি শুনক। মই অমৃত মাৰ্গৰ সন্ধান পাইছোঁ। এই মাৰ্গ অনুসৰণ কৰিলে আপোমালোকে সোনকালে বিমুক্তি লাভ কৰিব।

 এইদৰে পঞ্চবৰ্গীয় ভিক্ষুসকলক বঢ়াই বুজাই লৈ অলপ সময়ৰ পিচত তেওঁলোকক তেওঁৰ নতুন ধৰ্ম্মৰ কথা শুনিবলৈ সাজু কৰি তুলিলে। সেই সময়ত দিয়া উপদেশক 'ধৰ্মচক্ৰ প্ৰৱৰ্তন’ কোৱা হয়। এই সুত ‘সচ্চসংযুত্ত’ৰ দ্বিতীয় ৱগ্‌গ আৰু ৱিনয়-গ্ৰন্থৰ 'মহাৱগ্‌গ'ত পোৱা যায়।