পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তপশ্বৰ্য্যা আৰু তত্ত্ববোধ
১৩৩
 

 ‘বৈৰাগ্যৰ দ্বাৰা সেই তৃষ্ণাৰ পূৰ্ণ বিৰোধ কৰা, ত্যাগ কৰা, তাৰপৰা মুক্তি পোৱা, এয়ে দুঃখ নিৰোধ নামৰ তৃতীয় আৰ্য্য সত্য৷

 ‘আৰু (ওপৰত উল্লেখ কৰি অহা) আৰ্য্য অষ্টাঙ্গিক মাৰ্গই দুঃখ-নিৰোধগামিনী প্ৰতিপদা নামৰ চতুৰ্থ আৰ্য্যসত্য।

 '(ক) এয়ে দুঃখ—এই বুলি মোৰ মনত উপলব্ধি হলেই মোৰ ভিতৰত নতুন দৃষ্টিৰ সৃষ্টি হয়, জ্ঞান উৎপন্ন হয়। এই দুঃখ জনাৰ যোগ্য—এই বুলি মোৰ জ্ঞান হলেই মোৰ ভিতৰত নতুন দৃষ্টি আদি.....এই দুখ সম্বন্ধে মই জানিলে তেতিয়া মোৰ ভিতৰত.....আদি।

 '(খ) মই জানিছোঁ যে এই দুঃখ সমুদয় আৰ্য্যসত্য, মই জানিছোঁ যে সি ত্যাজ্য, মই জানিছোঁ যে মই তাক ত্যাগ কৰিছোঁ, তেতিয়া মোৰ অভিনৱ দৃষ্টি লাভ হয় (আদি পুৰ্ব্বোক্ত).....

 ‘(গ) মই জানিছোঁ যে সেই দুঃখনিৰোধ আৰ্য্যসত্য, মই জানিছোঁ যে তাৰ লগত সাক্ষাৎকাৰ হোৱা উচিত, মই জানিছোঁ যে তাৰ লগত মোৰ সাক্ষাৎকাৰ হৈছে, তেতিয়া মোৰ অভিনৱ দৃষ্টি লাভ হল ... (আদি পুৰ্ব্বোক্ত).....

 '(ঘ) মই জানিছোঁ যে সেই দুঃখ নিৰোধ-গামিনী প্ৰতিপদা নামৰ আৰ্য্যসত্য, মই জানিছোঁ যে তাৰ অভ্যাস কৰাটো উচিত, মই জানিছোঁ যে মই তাৰ অভ্যাস কৰিছোঁ, তেতিয়া মোৰ অভিনৱ দৃষ্টি লাভ হল, জ্ঞান প্ৰাপ্তি হল, বিদ্যাৰ সৃষ্টি হল আৰু আলোকৰ উৎপত্তি হল। যেতিয়ালৈকে এই চাৰিটা আৰ্য্যসত্য প্ৰতিটোৰ বিষয়ে তিনি প্ৰকাৰকৈ মুঠ বাৰ প্ৰকাৰৰ জ্ঞান মোৰ হোৱা নাছিল তেতিয়ালৈকে মোৰ পূৰ্ণ সম্বোধি লাভ হোৱা নাছিল।'

 বুদ্ধই দিয়া ভালেমান উপদেশ ‘সুত্তপিটক’ত সংগ্ৰহ কৰা হৈছে। কিন্তু তেওঁৰ ধৰ্ম্মৰ মূল ভেটি স্বৰূপ উপদেশ হল এয়ে। অকল ‘সচ্চ সংযুত্ত’ত এই চাৰি আৰ্য্যসত্য সম্বন্ধে মুঠতে ১৩১টা সুত্ত আছে।