পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
ভগৱান বুদ্ধ
 

গৌতম বোধিসত্ত্ব আছিল আৰু তত্ত্ববোধ হোৱাৰ পিচৰে পৰা সেই গৌতম বুদ্ধ হয়। বুদ্ধৰ যি তত্ত্ববোধ হৈছিল সি হল চাৰিটা আৰ্য্যসত্য আৰু তাতে সামৰি ধৰা অষ্টাঙ্গিক মাৰ্গ। প্ৰথমতে তেওঁ তেওঁৰ লগত থকা পাঁচজন সঙ্গীক এই তত্ত্ব সম্বন্ধে উপদেশ দিয়ে।[৪]

 ৱিমুত্তি সুখৰ আস্বাদ—তত্ত্ববোধ হোৱাৰ পিচত ভগৱান বুদ্ধই সেই বোধিবৃক্ষৰ তলত সাতদিন বহি থাকি ৱিমুত্তি সুখৰ আস্বাদ লৈ থাকে। সেই সময়ত ৰাতি তিনি যাম (প্ৰহৰ) হোৱাত তেওঁ তলত দিয়া প্ৰতীত্যসমুৎপাদ তলা-ওপৰাকৈ মনলৈ আনে। 'মহাৱগ্‌গ'ত এই কথাৰ উল্লেখ আছে। কিন্তু 'সংযুক্ত নিকাষ’ৰ দুটা সুত্তত কোৱা হৈছে যে বুদ্ধই বোধিসত্ত্ব অৱস্থাতে হেনো সেই প্ৰতীত্যসমুৎপাদৰ কথা জানি লৈছিল।[৫] এই সুত্তৰ লগত 'মহাবগ্‌গ'ৰ বৰ্ণনা নিমিলে৷ মহাবগ্‌গ ৰচনা কৰাৰ সময়ত এই প্ৰতীত্যসমুৎপাদৰ গুৰুত্ব বৰ বেচি বাঢি যোৱা যেন অনুমান হয়৷ মহাযান পন্থৰ নাগাৰ্জ্জুন আদি আচাৰ্য্যইতো এই প্ৰতীত্যসমুৎপাদক নিজৰ দৰ্শনৰে ভেটি কৰি লৈছিল৷[৬]


 প্ৰতীত্যসমুৎপাত—প্ৰতীত্যসমুৎপাদ সংক্ষেপতে হল এই—

 অবিদ্যাৰ পৰা সংস্কাৰ, সংস্কাৰৰ পৰা বিজ্ঞান, বিজ্ঞানৰ পৰা নামৰূপ, নামৰূপৰ পৰা ষড়াযতন, ষড়াযতনৰ পৰা স্পৰ্শ, স্পৰ্শৰ পৰা বেদনা, বেদনাৰ পৰা তৃষ্ণা, তৃষ্ণাৰ পৰা উপাদান, উপাদানৰ পৰা ভৱ, ভৱৰ পৰা জাতি (জন্ম), আৰু জাতিৰ পৰা, মৰণ, শোক, পৰিদেৱন, দুঃখ, দৌৰ্মনস্য, উপায়াস উৎপন্ন হয়।

 পূৰ্ণবৈৰাগ্যেৰে অবিদ্যাৰ নিৰোধ কৰিলে সংস্কাৰৰ নিৰোধ হয়।


[](৪) ইয়াৰ বৰ্ণনা পিচত দিয়া হৈছে, গতিকে ইয়াত তাৰ বিৱৰণ দিয়া নহল

[](৫) 'নিদান ৱগ্ গ সংযুত্ত', সুত্ত ১০ আৰু ৬৫ চাওক৷

[](৬) মাধ্যমক কাৰিকাৰ আৰম্ভণি চাওক৷