পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তপশ্বৰ্য্যা আৰু তত্ত্ববোধ
১২৯
 

বিজ্ঞানৰ নিৰোধ কৰিলে নামৰূপৰ নিৰোধ হয়। নামৰূপৰ নিৰোধ কৰিলে ষড়ায়তনৰ, ষড়ায়তনৰ নিৰোধৰ ফলত স্পৰ্শ, স্পৰ্শৰ নিৰোধৰ ফলত বেদনাৰ, বেদনাৰ নিৰোধ কৰিলে তৃষ্ণাৰ, তৃষ্ণাৰ নিৰোধ হলে উপাদানৰ, উপাদানৰ নিৰোধৰ ফলত ভৱৰ, ভৱৰ নিৰোধ কৰিলে জন্মৰ, জন্মৰ নিৰোধৰ দ্বাৰা জৰা, মৰণ, শোক, পৰিদেৱন, দুঃখ, দৌৰ্মনস্য আৰু উপায়াসৰ নিৰোধ হয়।

 দুখৰ গুৰিত ইমান অধিক কাৰণ-পৰম্পৰা সাঙুৰি দিয়া হয় যে তাক সাধাৰণ ৰাইজে বুজি উঠাটো বৰ কঠিন হৈ পৰে। লাহে লাহে এই প্ৰতীত্যসমুৎপাদ লৈ গভীৰ দৰ্শনৰ সৃষ্টি হয় আৰু ইয়াকে কেন্দ্ৰ কৰি বাদ-বিবাদ হবলৈ ধৰে। নাগাৰ্জ্জুনাচাৰ্য্যই এই প্ৰতীত্যসমুৎপাদৰ আধাৰতে তেওঁৰ 'মাধ্যমকাৰিকা' ৰচনা কৰিছে আৰু বুদ্ধঘোষাচাৰ্য্যই ‘বিশুদ্ধিমাৰ্গ’ৰ ষষ্ঠভাগ (প্ৰায় চোৱা শ পৃষ্ঠা) ইয়াৰ আলোচনাতে খৰচ কৰিছে। এই আটাইবোৰ আলোচনা পঢ়িলে বিদ্বান লোকো বিবুধি গড়ত পৰে, গতিকে সাধাৰণ ৰাইজে এই দৰ্শন কেনেকৈ বুজিব? বুদ্ধ ভগৱানৰ ধৰ্ম্ম ব্ৰাহ্মণ, ক্ষত্ৰিয় আদি উচ্চ বৰ্ণৰ মানুহৰ মাজত যে বিশেষভাৱে বিয়পি পৰিছিল তাৰ কাৰণ এই গভীৰ দৰ্শন নাছিল। চাৰিটা আৰ্য্য-সত্যৰ দৰ্শন আছিল তেনেই সৰল আৰু পোনপটীয়া। এই দৰ্শন সকলো প্ৰকাৰৰ লোকেই যে হৃদয়ঙ্গম কৰিব পাৰিছিল, তাত আচৰিত হবলগীয়া কোনো কথা নাই। এই সম্বন্ধে পিচলৈ আলোচনা কৰা হব।

 ব্ৰহ্মদেৱৰ প্ৰাৰ্থনা-আমি আগতেই কৈ আহিছোঁ যে তত্ত্ববোধ হোৱাৰ পিচত বুদ্ধ ভগৱানে এসপ্তাহ কাল বোধিবৃক্ষৰ (বটগছ জোপাৰ) তলত কটাইছিল। ইয়াৰ পিচত দ্বিতীয় সপ্তাহ আছিল অজপাল ন্যগ্ৰোধ বৃক্ষৰ তলত, তৃতীয় সপ্তাহ মুচলিন্দ বৃক্ষৰ তলত আৰু চতুৰ্থ সপ্তাহ ৰাজায়তন বৃক্ষৰ তলত কটাই ভগৱান আকৌ অজপাল বৃক্ষৰ তললৈ