পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তপশ্চর্য্য়া আৰু তত্ত্ববােধ
২২৫
 

আৰু বগা-নিজৰ এই তিনিজনী ছোৱালীক পঠাই দিছিল। জাতকৰ নিদান কথাতো ইয়াক আৰু বিতংভাৱে বৰ্ণোৱা হৈছে। সেই সময়ত হেনো মাৰৰ সেনাহঁতে বুদ্ধৰ ওপৰত চাৰিওপিনৰ পৰা আক্ৰমণ কৰিছিল আৰু মাৰৰ সেনাহঁতক দেখি ব্ৰহ্মা আদি দেৱতাসকল পলাই পত্ৰং দিছিল, মাথোন অকলে বোধিসত্ত্বহে তিস্থি আছিল। তাৰ পিচত বুদ্ধই মাৰৰ আগত কৈছিল, 'এই ঠাই মোৰ, তুমি ইয়াৰ পৰা গুচি যোৱা!' তেতিয়া সেই ঠাইৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ মাৰে নিজৰ সেনাহঁতক সাক্ষী দিয়ে। আটাইবোৰ দেৱতা পলাই যায়। গতিকে সেই সময়ত ভগৱান বুদ্ধৰ পক্ষৰ পৰা সাক্ষী দিবলৈ কোনো নাইকিয়া হয়। তেতিয়া বুদ্ধই নিজৰ সোঁহাতখন তলৰ পিনে কৰি কয়, 'এই সৰ্ব্বসহা বসুন্ধৰাই সাক্ষী।' পৃথিবীদেৱীয়ে বিৰাট ৰূপ লৈ মাৰ সেনাহঁতক পৰাস্ত কৰে। জাতক অট্‌ঠকথাকাৰে এনেধৰণৰ পৌৰাণিক বৰ্ণনা কৰিছে।

 চিত্ৰকৰসকলে বৌদ্ধ চিত্ৰকলাত এই প্ৰসঙ্গ অতি সুন্দৰভাৱে চিত্ৰিত কৰিছে। লোভ, দ্বেষ, মোহ, মদ, মাৎসৰ্য্য আদি দুষ্ট মনোবৃত্তি বোৰক মূৰ্ত্তিমান ৰূপ দিবলৈ কৰা এই চেষ্টা যথেষ্ট সফল হোৱা যেন লাগে। প্ৰথমতে কবিসকলে এই প্ৰসঙ্গ বৰ্ণনা কৰাৰ পিচত তাকে অনুকৰণ কৰি চিত্ৰকৰসকলে তাৰ মুৰ্ত্ত স্বৰূপ দিবলৈ চেষ্টা কৰিছিলনে, প্ৰথমতে চিত্ৰকৰসকলে ছবি অঁকাৰ পিচত তাকে অনুসৰণ কৰি কবিসকলে এই বৰ্ণনা কৰিছিল তাক হলে কব নোৱাৰি। সি যিকি নহওক ওপৰত উল্লেখ কৰা প্ৰসঙ্গৰ যে ইয়াত মূৰ্ত্তৰূপ দিবলৈ চেষ্টা কৰা হৈছিল সেইটো হলে তেনেই স্পষ্ট কথা৷

 তত্ববোধ—সেই বহাগী পূৰ্ণিমাৰ নিশা বোধিসত্ত্বৰ তত্ত্ববোধ হয় আৰু তেতিয়াৰে পৰা তেওঁক বুদ্ধ বোলা হয়। অৰ্থাৎ সেইদিনালৈকে