পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
ভগবান বুদ্ধ
 

ধৰিলে, মোৰ অনুভৱ হৈছিল যে সেয়ে ভয়-ভৈৰৱ। মই কৈছিলোঁ, “ভয়-ভৈৰৱৰ ইচ্ছা মনত ৰাখিয়ে মই ইয়ালৈ আহিছোঁ, এনে অৱস্থাত মই ইয়াৰ নাশ কৰা উচিত।” মই খোজ কাঢ়ি থাকোঁতে ভয়-ভৈৰৱ উপস্থিত হলে মই তেনে অৱস্থাতে তাৰ নাশ কৰিছিলোঁ। তাৰ নাশ নোহোৱালৈকে মই কতো জিৰণি লোৱা নাছিলোঁ, নবহিছিলোঁ অথবা শোৱাপাটিতে বাগৰ দিয়া নাছিলোঁ। মই থিয় হৈ থাকোঁতেই ভয়- ভৈৰৱ উপস্থিত হলে মই সেই থিয় হৈ থকা অৱস্থাতে তাৰ নাশ কৰিছিলোঁ। তাৰ নাশ নোহোৱালৈকে মই খোজ নাকাঢ়িছিলোঁ, নবহিছিলোঁ অথবা শোৱাপাটিত বাগৰ দিয়া নাছিলোঁ। যদিহে মই বহি থাকোঁতেই ভয়-ভৈৰৱ উপস্থিত হৈছিল, তেতিয়া মই থিয় নিদিছিলোঁ বা খোজ কঢ়া নাছিলোঁ; বহি থকা অৱস্থাতে মই তাৰ নাশ কৰি দিছিলোঁ। মই শুই থকা অৱস্থাত ভয়-ভৈৰৱ আহিলে, মই উঠি নবহিছিলোঁ বা থিয়ও নিদিছিলোঁ অথবা খোজো কঢ়া নাছিলোঁ; পাটিত শুই থাকিয়েই তাৰ নাশ কৰিছিলোঁ।'

 ৰাজযোগ—বোধিসত্ত্বই যে অকল হঠযোগ আৰু তপশ্চৰ্য্যাতে তেওঁৰ গোটই খিনি সময় নিয়াইছিল, এনে নহয়। তাক কৰাটো যি কোনো তপস্বীৰে পক্ষেই সম্ভৱপৰ নাছিল। তেওঁ মাজে সময়ে ভাল আহাৰ কৰিবলগীয়া হৈছিল। শৰীৰত অলপ বল পালেই তেওঁ আকৌ উপবাস আদি কৰি দেহাক কষ্ট দিছিল; সাত বছৰ ধৰি বোধিসত্ত্বই অধিকখিনি সময় কঠোৰ তপস্যা কৰিছিল। তথাপি মাজে সময়ে যে তেওঁ ভাল আহাৰ কৰিছিল আৰু শান্ত সমাধিও অনুভৱ কৰিছিল, তাতে কোনো সন্দেহ নাই। হঠযোগ এৰি ভগৱান বুদ্ধই আনাপান স্মৃতি সমাধিৰ চিতা কিদৰে কৰিছিল, তাক তেওঁ ‘আনাপান সংযুক্ত’ প্ৰথম বগগৰ অষ্টম সুত্তত বৰ্ণনা কৰিছে।