পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তপশ্চৰ্য্যা আৰু তত্ত্ববোধ
১১৯
 

উপজীৱিকা পৰিশুদ্ধ। যেতিয়া মই দেখিলোঁ যে কৰ্ম্ম আৰু উপজীৱিকা পৰিশুদ্ধ সজ্জনসকলৰ ভিতৰৰে ময়ো এজন, তেতিয়া অৰণ্যবাস মোৰ বাবে অতিশয় নিৰ্ভয় যেন অনুভৱ হল।

 ‘হে ব্ৰাহ্মণ, যি শ্ৰমণ বা ব্ৰাহ্মণ লোভী, দুষ্ট চিত্ত, এলেহুৱা, ভ্ৰান্ত-চিত্ত অথবা সংশয়গ্ৰস্থ হৈ অৰণ্যত থাকে, তেওঁলোকে এই দোষৰ কাৰণে ভয়-ভৈৰৱক আমন্ত্ৰণ কৰি মাতি আনে। কিন্তু মোৰ চিত্ত কাম-বিকাৰৰ পৰা অলিপ্ত, দ্বেষৰ পৰা মুক্ত (অৰ্থাৎ সকলো প্ৰাণীৰ প্ৰতিয়ে মোৰ মনত মৈত্ৰীভাৱ আছে), মোৰ মন উৎসাহপূৰ্ণ, স্থিৰ আৰু নিঃশঙ্ক। মই যেতিয়া দেখিলোঁ যে এইবোৰ গুণসম্পন্ন অৰণ্যবাসী সজ্জনসকলৰ ভিতৰৰে ময়ো এজন, তেতিয়া অৰণ্যত বাস কৰি মই অতিশয় নিৰ্ভয়তা অনুভৱ কৰিলোঁ।

 ‘হে ব্ৰাহ্মণ, যি শ্ৰমণ বা ব্ৰাহ্মণে আত্মস্তুতি আৰু পৰনিন্দা কৰে, যি ভয়াতুৰ আৰু মান-মান্যতাৰ ইচ্ছা পোষণ কৰি অৰণ্যত বাস কৰে... অথবা যি জড়বুদ্ধি হয, তেওঁলোকে এইবোৰ দোষৰ কাৰণে ভয়-ভৈৰৱক মাতি আনে। কিন্তু মোৰ ভিতৰত দুৰ্গুণ নাই, মই আত্মস্তুতি অথবা পৰনিন্দা নকৰোঁ, মই কাপুৰুষ নহওঁ, মোৰ মান-মান্যতাৰ লোভ নাই....আৰু মই প্ৰজ্ঞাৱান। যেতিয়া মই দেখিলোঁ যে এইবোৰ গুণসম্পন্ন অৰণ্যবাসী সজ্জনসকলৰ ভিতৰৰে মযো এজন, তেতিয়া অৰণ্যত থাকি মই নিৰ্ভয়তা অনুভৱ কৰিলোঁ।

 ‘হে ব্ৰাহ্মণ, চতুৰ্দ্দশী, পূৰ্ণিমা, অমাৱস্যা আৰু অষ্টমীৰ ৰাতি (ভয়ৰ কাৰণে ) প্ৰসিদ্ধ। তেনে ৰাতি যি উদ্যান, অৰণ্য বা গছৰ তলত মানুহে দেৱতাৰ বাবে বলি দিয়ে অথবা যি ঠাই অতিশয় ভয়ঙ্কৰ বুলি ধৰা হয, মই তেনে ঠাইতে (অকলশৰে) থাকিছিলোঁ কিয়নো ভয়-ভৈৰৱনো কেনেকুৱা তাক চাবলৈ মোৰ ইচ্ছা আছিল। তেনে ঠাইত কোনো হৰিণ এফালৰ পৰা আন ফাললৈ গলে, কোনো ময়ুৰে শুকান গছৰ দাল তললৈ পেলাই দিলে অথবা গছৰ পাত বতাহত লৰিবলৈ