পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তপশ্বৰ্য্যা আৰু তত্ত্ববোধ
১২১
 

 ভগৱানে কয়, “হে ভিক্ষুসকল, আনাপান স্মৃতিৰ সমাধিৰ চিন্তা কৰিলে বৰ লাভ হয়। কিদৰেনো ইয়াৰ চিন্তা কৰিলে বৰ লাভ হয়? কোনো কোনো ভিক্ষুই অৰণ্যৰ গছৰ তলত বা আন কোনো নিৰ্জ্জন ঠাইত আসন পাতি বহে। যেতিয়া তেওঁ দীঘলকৈ আশ্বাস লয় তেতিয়া তেওঁ জানে “মই দীঘলকৈ আশ্বাস লৈছোঁ।” যেতিয়া তেওঁ দীঘলকৈ প্ৰশ্বাস এৰি দিয়ে, তেতিয়াও তেওঁ জানে “মই দীঘলকৈ প্ৰশ্বাস এৰি দিছোঁ।” যেতিয়া তেওঁ ছুটি উশাহ লয়....ইত্যাদি৷ [১] এইদৰে আনাপান স্মৃতি সমাধিৰ চিন্তা কৰিলে বৰ লাভ হয়। হে ভিক্ষুসকল, ময়ো সমাধি-জ্ঞান লাভ কৰাৰ আগতে, বোধিসত্ত্ব অৱস্থাত থকাৰ সময় বহুবাৰ এই চিন্তা কৰিছিলোঁ। ইয়াৰ ফলত মোৰ শৰীৰ আৰু চকুত পীড়া নহৈছিল আৰু মোৰ চিত্ত পাপ-বিকাৰৰ পৰা মুক্ত থাকিছিল।'

 ইয়াৰ পৰা স্পষ্টভাৱে দেখা যায় যে বোধিসত্ত্বই সদায় হঠযোগৰ আচৰণ নকৰিছিল। মাজে মাজে তেওঁ শান্ত ৰাজযোগৰো অভ্যাস কৰিছিল আৰু তাৰ পৰা তেওঁ শান্তিও লাভ কৰিছিল।

ধ্যানমাৰ্গৰ অৱলম্বন

 এইদৰে এবাৰ হয়তো উপবাস, আনবাৰ হয়তো হঠযোগ বা ৰাজ- যোগ কৰি অৱশেষত বোধিসত্ত্বৰ মনত হঠাৎ ধাৰণা হল যে তপশ্চৰ্য্যা সম্পূৰ্ণ নিৰৰ্থক, তাক নকৰাকৈও মুক্তি লাভ কৰিব পৰা যায়। গতিকে তপস্যা ত্যাগ কৰি তেওঁ সম্পূৰ্ণভাৱে কিদৰে ধ্যানমাৰ্গৰ অৱলম্বন কৰিলে, 'মহাসচক সুত্ত’ত তাক চমুকৈ বৰ্ণনা কৰা হৈছে।

 ভগৱানে সচ্চকৰ আগত কয়, “হে অগ্‌গিৱেসসন, যেতিয়া মোৰ


(১)^ এই বিষয়ে খৰচি মাৰি জানিবলৈ 'সমাধিমাৰ্গ' পৃষ্ঠা ৩৬-৪৮ চাওক।