পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[  ১৪  ]

হোৱা আয়ৰ ধনখিনি আন কিবা প্ৰকাৰে ৰাইজে পূৰণ কৰি দিলেহে মদ ফটিকা নিষিদ্ধ কৰা হব।” ভাষণৰ পিচত মহাৰজাই মাথোন এইখিনি কৈ গুচি গল, “ধৰ্ম্মানন্দ, আজি আপুনি মোক এটা বঢ়িয়া শিক্ষা দিলে”।

 তেতিয়া সকলো ৰাইজে ধৰি ললে যে মহাৰজাৰ খং উঠিছে আৰু ধৰ্ম্মানন্দজীক দিয়া সাহায্য বন্ধ কৰি দিব। কিন্তু ফল হল ঠিক তাৰ ওলোটা। পিচদিনা এই বুলি ফৰ্ম্মান জাৰী কৰা হল যে উক্ত আটাইবোৰ মদ ফটিকাৰ দোকানকে বন্ধ কৰি দিব লাগে।

 কোসম্বীজীৰ সাহিত্য—বৌদ্ধসকলে নিজৰ দীক্ষাৰ আৰম্ভনিতে ‘শৰণত্ৰয’ৰ ঘোষণা কৰে। ধৰ্মানন্দজীয়ে এই শৰণত্ৰয় অৰ্থাৎ বুদ্ধ, ধৰ্ম্ম আৰু সংঘ সম্বন্ধে কেইটিমান ব্যাখ্যান দিয়ে আৰু সেই সম্পৰ্কে এখন সৰু পুথিও পোন পহিলতে প্ৰকাশ কৰে।

তাৰ পিচত পালি-পৰম্পৰা অনুসৰি তেওঁ বুদ্ধ ভগৱানৰ পূৰ্বজন্মৰ কিছুমান কথা, গৌতম বুদ্ধৰ বিস্তৃত জীৱনী আৰু তেওঁৰ ধৰ্ম্মোপদেশৰ সাৰ—এই তিনিওকে গোটখুৱাই ‘বুদ্ধলীলাসাৰ সংগ্ৰহ’ নামৰ এখন অতি মনোৰম আৰু সুবোধ পুথি ৰচনা কৰে। পুথিখনে মানুহৰ ঘৰে ঘৰে সমাদৰ লাভ কৰে আৰু ইয়াৰ ফলত বৌদ্ধধৰ্ম্মৰ প্ৰতি মানুহৰ মাজত উৎসাহ সৃষ্টি হোৱাৰ লগতে যথেষ্ট জ্ঞান লাভৰো সুবিধা হয়।

 বুদ্ধ ভগৱানে নিজৰ হেজাৰ বিজাৰ অনুগামী ভিক্ষুকসকলৰ সংগঠন কৰিবলৈ আৰু তেওঁলোকৰ জীৱন সাধনা-পূত কৰি তুলিবলৈ যিবোৰ নিয়ম বান্ধি দিছিল তাক ‘ৱিনয় পিটক’ত সম্বলিত কৰা আছে। মই ধৰ্ম্মানন্দজীক তাৰে এটা সাৰাংশ যুগুত কৰিবলৈ অনুৰোধ কৰোঁ‌, তাৰ ফলতেই তেওঁ 'বৌদ্ধ সঙ্ঘাচা পৰিচয়’ নামৰ পুথিখনি আমাক দি গৈছে।

 পালি সাহিত্যৰ 'ধম্ম পদ' আৰু 'সুত্তনিপাত' এই দুখন পুথিত বুদ্ধ ভগৱানৰ উপদেশসমূহ সুন্দৰ ভাৱে দিয়া আছে। সেই কাৰণে ধৰ্ম্মানন্দ-