পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[  ১৩  ]

প্ৰায়ে কৈছিল, 'আজি দেহাটো ভালে থকাহেঁতেন গোৱাৰ স্বাধীনতা সংগ্ৰামত কিছু নহয় কিছু নিশ্চয় ভাগ লব পাৰিলোহেঁতেন।' দুৰ্বল শৰীৰেৰেও মহাত্মা গান্ধীয়ে নোৱাখালিত কাম কৰা দেখিবলৈ পাই তেওঁ অতিশয় দুখেৰে কৈছিল, 'যদিহে ময়ো এইদৰে গোৱালৈ গৈ নিজৰ জন্মভূমিৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ দিব পাৰিলোহেঁতেন!'

 ধৰ্ম্মানন্দজীৰ বুদ্ধ-ভক্তিৰ প্ৰকৃত স্ফূৰণ পাণ্ডিত্যত নহয়, শীল আৰু চাৰিত্ৰ্যতহে হৈছিল। তেওঁ সকলো প্ৰকাৰৰ কঠিনতকৈও কঠিন, বিপৰীতৰ বিপৰীত পৰিস্থিতিত পৰি ঘূৰি ফুৰিব লগীয়া হৈছিল, তথাপিও তেওঁ সদায় নিস্পাপ আৰু ধোৱা চাউলৰ নিচিনা নিৰ্ম্মল হৈ আছিল। শীলৰ প্ৰতি গভীৰ আগ্ৰহ থকা হেতুকেই শান্তিদেৱাচাৰ্য্যৰ ‘বোধিচৰ্য্যাৱতাৰ' পুথিখন তেওঁৰ বৰ ভাল লাগিছিল। তেওঁ মাৰাঠী আৰু গুজৰাতীলৈ সেই পুথিখনৰ ভাষান্তৰ কৰে। নিজৰ মন সুবাসিত কৰিবলৈ শান্তিদেৱাচাৰ্য্যই লিখা এই পুথিখন শীলৰ সুগন্ধেৰে আমোল মোল, সেইবাবেই ধৰ্ম্মানন্দজী পুথিখনত মুগ্ধ হৈ গৈছিল।

 তেওঁৰ নিৰ্ভীক শীলৰ এটা সুন্দৰ উদাহৰণ মনত ৰাখিব লগীয়া। এবাৰ ধৰ্ম্মানন্দজীয়ে বড়োদাত সম্ৰাট অশোক সম্বন্ধে ভাষণ দিয়াৰ কথা আছিল আৰু সেই সভাৰ সভাপতি আছিল স্বয়ং বড়োদা-নৰেশ শ্ৰীসয়াজীৰাৱ। ভাষণ দিয়াৰ আগতে ধৰ্ম্মানন্দজীয়ে জানিব পাৰিলে যে ৰাজ্যৰ কোনো অঞ্চলৰ ৰাইজে সেই অঞ্চলৰ পৰা মদ ফটিকাৰ দোকান তুলি দিযাৰ বাবে মহাৰজাৰ ওচৰত আবেদন কৰিছে। তাৰ উত্তৰত মহাৰজাই হেনো জনাইছে যে মদ ফটিকাৰ দোকানৰ পৰা চৰকাৰৰ যি আয় হয় তাক যদি আন কোনো প্ৰকাৰে পূৰণ কৰি দিয়া যায় তেন্তে সেই দোকানবোৰ তুলি দিয়া যাব। ধৰ্ম্মানন্দজায়ে তেওঁ‌ৰ ভাষণত কয়, “অশোকে নিজৰ ৰাজ্যত মদ ফটিকা বন্ধ কৰি দিছিল। তেওঁ কিন্তু কোৱা নাছিল যে মদ ফটিকা বন্ধ কৰাৰ ফলত