জীয়ে এই দুয়োখন পুথিৰে ভাঙনি কৰে আৰু নিতৌ পাঠৰ উদ্দেশ্যে মাৰাঠী ভাঙনিৰ লগতে এখন পালি 'লঘুপাঠো’ যুগুত কৰি দিয়ে। মহাযান পন্থৰ সন্তসকলৰ মাজত শান্তিদেৱাচাৰ্য্যৰ আসন অতি ওখ। তেওঁৰ পুথিবোৰৰ ভিতৰত ‘বোধিচৰ্যাৱতাৰ' আটাইতকৈ শ্ৰেষ্ঠ বুলি মনা হয়। ধৰ্ম্মানন্দজীয়ে ইয়াৰো এটি ভাঙনি কৰিছে।
বৌদ্ধ সাধনা সম্বন্ধে জনাৰ প্ৰকৃষ্টতম গ্ৰন্থ হল ‘বিসুদ্ধিমগ্গ’; এই পুথিখনৰ সংশোধন কৰিবলৈকে ধৰ্ম্মানন্দজীক চাৰি বাৰো আমেৰিকালৈ মাতি নিয়া হৈছিল। এই পুথিৰ ওপৰত ‘দীপিকা’ নামেৰে তেওঁ পালি ভাষাত এটি টীকা লিখিছে আৰু মাৰাঠী আৰু গুজৰাতী ভাষাত ‘সমাধি- মাৰ্গ’ নামৰ পুথিত তাৰে সাৰ দিয়া হৈছে।
বৌদ্ধ সাহিত্যৰ আটাইতকৈ মনোৰম সামগ্ৰী হল জাতক কথামালা। এই কথামালাত বুদ্ধদেৱৰ পুৰ্ব্ব জন্মৰ কাহিনীবোৰ বৰ্ণনা কৰা হৈছে। ইয়াৰ সংগ্ৰহ কৰি কেতিয়াবাই তাৰ গুজৰাতী অনুবাদ প্ৰকাশ কৰা হৈছে।
ব্যাধি, জৰা আৰু মৃত্যু দৰ্শন কৰি আশ্চৰ্য্য-চকিত ৰাজকোৱঁৰ
সিদ্ধাৰ্থই গোপনে ঘৰ এৰি যোৱা বুলি মানুহৰ মাজত যি কাব্যময়
কাহিনী চলি আহিছে সি তেনেই কাল্পনিক কথা। বুগ্ধ ভগৱানে কিয়
গৃহত্যাগ কৰিলে সেই সম্বন্ধে নিজৰ সিদ্ধান্ত আৰু তাৰ বাবে উপযুক্ত
প্ৰমাণ ৰাইজৰ আগত দাঙি ধৰাৰ অভিপ্ৰায়েৰে ধৰ্ম্মানন্দজীয়ে এখন সৰু
নাটিকা লিখে। 'বোধিসত্ব নাটক’ নামেৰে তাক মাৰাঠী ভাষাত প্ৰকাশ
কৰা হৈছে। 'অভিধম্ম’ সম্বন্ধে তেওঁ ‘নৱনীত টীকা' ৰচনা কৰে আৰু
সেই সম্পৰ্কে গুজৰাতী ভাষাতো টীকা লিখায়।
গুজৰাত বিদ্যাপীঠত থাকোতে তেওঁ এহাতে যিদৰে অধ্যাপনৰ কাম
কৰিছিল, ঠিক আন হাতে আকৌ তেনেকৈয়ে জৈন ধৰ্ম্ম আৰু সাহিত্য
সম্বন্ধে অধ্যয়নো কৰিছিল। আমেৰিকাত থাকোঁতে লালা হৰদয়ালৰ