পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
ভগৱান বুদ্ধ
 

দণ্ডনৰ দ্বাৰা) দুৰ্ব্বল হোৱা শৰীৰৰ দ্বাৰা লাভ কৰাটো সম্ভৱ নহয়, গতিকে আকৌ যথেষ্ট আহাৰ গ্ৰহণ কৰা উচিত হব।'
 বোধিসত্ত্বই সাত বছৰ ধৰি দেহ দণ্ডন চলোৱাৰ পিচত হঠাৎ এদিন দেউতাকৰ খেতি-পথাৰৰ জম্বু গছৰ তলত বহি কৰা প্ৰথম ধ্যানৰ কথা মনত পৰি গল আৰু সেই পথেই তত্ত্ববোধৰ পথ হোৱা উচিত বুলি বিবেচনা কৰি তেওঁ দেহ দণ্ডন এৰি দিলে আৰু আহাৰ গ্ৰহণ কৰিবলৈ পুনৰ আৰম্ভ কৰি দিলে।
 কিন্তু বোধিসত্ত্বৰ সৰু কালতেনো কাৰপৰা এই ধ্যান শিকিলে? তেওঁ জানো নিজে নিজেই তাক লাভ কৰিছিল? জাতক অট্‌ঠকথা- কাৰ, 'ললিত-ৱিন্তৰ'কাৰ আক বুদ্ধ-চৰিতৰ ৰচয়িতাৰ মতে তেনেই সৰু কালিতে হেনো বুদ্ধই এই ধ্যান লাভ কৰিছিল, গতিকে তেওঁ নিজে নিজেই তাক লাভ কৰা বুলি ধৰি লব লাগিব আৰু সি আছিল এটা অদ্ভুত কথা। কিন্তু ওপৰত উল্লেখ কৰি অহা ‘ভৰণ্ডু কালাম সুত্ত’ সম্বন্ধে বিবেচনা কৰি চালে এই অলৌকিক ঘটনা স্পষ্টভাৱে বুজিব পৰা যায়। কালামৰ আশ্ৰম আছিল কপিলৱস্তুত, গতিকে শাক্যসকলৰ বহুতেই তেওঁৰ সম্প্ৰদায়ক জানিছিল বুলি ধৰি লব পাৰি। আগৰপিনে কালাম সম্বন্ধে যি বিৱৰণ দিয়া হৈছে তাৰ পৰা দেখা যাব যে কালাম ধ্যানমাৰ্গী আছিল আৰু তেওঁ সমাধিৰ সাতোটা সোপান সম্বন্ধে শিক্ষা দিছিল। তাৰে পহিলা সোপান আছিল প্ৰথম ধ্যান, গতিকে বোধিসত্ত্বই নিজৰ ঘৰতে যদি সেই সম্বন্ধে শিক্ষা পাইছিল, তেন্তে তাত আচৰিত হবলগীয়া কি আছে? আৰু যদিহে কিবা অলৌকিক ঘটনা বুলি ধৰি লোৱা হয় তেন্তে সি ইমানেই আছিল যে সৰু কালত খেতি-পথাৰত কাম কৰোঁতে বোধিসত্ত্বৰ প্ৰবৃত্তি ধৰ্ম্মৰ পিনে গৈছিল আৰু তেওঁ সময়ে সময়ে ধ্যান সমাধিৰ অভ্যাস কৰিছিল।
 বোধিসত্ত্বৰ সমাধিৰ বিষয়–বোধিসত্ত্বৰ ধ্যান বিষয় কেনে