পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গৌতম বােধিসত্ত্ব
৯৫
 

ধৰণৰ আছিল তাক কোৱাটো সহজ নহয়। প্ৰথম ধ্যান যিবোৰ বিষয় লৈ কৰা হয়, তাৰ মুঠ সংখ্যা হল ছাব্বিশ।[৭] ইয়াৰ ভিতৰত কি বিষয় লৈ বোধিসত্ত্বই ধ্যান কৰিছিল তাক থিৰাংকৈ কোৱা টান, তথাপি মৈত্ৰী, কৰুণা, মুদিতা আৰু উপেক্ষা এই চাৰিটা বিষয়ৰ কোনো এটা লৈ তেওঁ ধ্যান কৰিছিল বুলি ধৰি লোৱাটো অপ্ৰাসঙ্গিক নহব, কিয়নো এইবোৰ বিষয় তেওঁৰ প্ৰেমময় স্বভাৱৰ অনুৰূপ। তদুপৰি তাৰ কাৰণে অনুমানৰ আৰু এটা আধাৰ পোৱা যায়:
 ‘বুদ্ধ ভগৱান কোলিয় দেশৰ হৰিদ্ৰৱসন নামৰ কোলিয়সকলৰ নগৰৰ ওচৰত থকাৰ সময়ত কিছুমান ভিক্ষু পুৱাৰ ভিক্ষাটন কৰাৰ আগতে আন পৰিব্ৰাজকসকলৰ উদ্যানলৈ গৈছিল। তেতিয়া পৰিব্ৰাজকসকলে তেওঁলোকৰ আগত কয়, “আমি আমাৰ শ্ৰাৱকসকলক এই বুলি উপদেশ দিওঁহক যৈ হে মিত্ৰসকল, চিত্তৰ উপক্লেশ আৰু চিত্ত দুৰ্ব্বল কৰা পাঁচ নীৱৰণৰ[৮] পৰিহাৰ কৰি আপোনালোকে মৈত্ৰী সহগতচিত্তেৰে এটা দিশ ভৰাই দিয়ক। দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ দিশো ভৰাই দিয়ক। এনেদৰে ওপৰ, তল আৰু চাৰিও পিনৰ গোটেই জগতখনকে বিপুল, শ্ৰেষ্ঠ, অসীম, অবৈৰ আৰু দ্বেষৰহিত মৈত্ৰীসহগত চিত্তৰে ভৰাই দিয়ক •••••মুদিতা সহগত চিত্তেৰে••••••কৰুণ সহগত চিত্তেৰে••••• উপেক্ষা সহগত চিত্তেৰে পৰিপূৰ্ণ কৰি দিয়ক। শ্ৰমণ গৌতমেও এনে ধৰণৰ উপদেশ দিয়ে। গতিকে তেওঁৰ আৰু আমাৰ উপদেশৰ মাজত পাৰ্থক্য আৰু কি?”'[৯]


(৭)^  বুদ্ধঘোষাচাৰ্য্য আৰু অভিধৰ্ম্মৰ মত অনুসৰি পঁচিশ বিষয়। কিন্তু উপেক্ষা

সম্বন্ধে প্ৰথম ধ্যান সাধ্য বুলি ধৰি ললে মুঠ বিষয় ছাব্বিশটা হয়। চাওক, 'সমাধি মাৰ্গ', পৃষ্ঠা ৬৮-৬৯।

(৮)^  চাওক ‘সমাধি মাৰ্গ,' পৃষ্ঠা ৩১.৩৫।
(৯)^  'বোজ্‌ঝঙ্গ' সংযুত্ত, বগ্‌গ ৬, সুত্ত ৪।