পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গৌতম বােধিসত্ত্ব
৯৩
 

 বোধিসত্ত্বৰ সমাধি-প্ৰেম—‘জাতক’ উপকথাৰ সাৰাংশ হল এই–'ওপৰত উল্লেখ কৰি অহা শুদ্ধোদন ৰজাৰ কৃষি-সমাৰোহৰ সময়ত কেছুৱা বোধিসত্ত্বকো তালৈ লৈ যোৱা হৈছিল আৰু তেওঁৰ ধাইয়ে তেওঁক এজোপা জম্বু বক্ষৰ তলত পাটি পাৰি শুৱাই থৈছিল। সিদ্ধাৰ্থকুমাৰ শুই পৰা দেখিবলৈ পাই ধাই কৃষি সমাৰোহ চাবলৈ গল। ইতিমধ্যে বোধিসত্ত্ব সাৰ পাই উঠি স্থিৰনেত্ৰে ধ্যানস্থ হৈ বহি আছে। কিছু সময়ৰ পিচত ধায়ে আহি দেখে যে আনবোৰ গছৰ ছাঁ দূৰলৈ বিয়পি গৈছে কিন্তু সেই জন্বু বৃক্ষৰ ছায়া হলে আগৰ নিচিনা হৈয়ে আছে। এই অলৌকিক কাণ্ড দেখি শুদ্ধোদনে বোধিসত্ত্বক নমস্কাৰ কৰিলে। বোধিসত্ত্বৰ জীৱনৰ এই মহত্বপূৰ্ণ কথা এটা এনে আলৌকিক ৰূপেৰে দিয়াৰ কোনো অৰ্থ নাই। বোধ হয় প্ৰকৃত কথা হল—বোধিসত্ত্বই মাজে-সময়ে পিতাকৰ লগত খেতি পথাৰলৈ গৈ হাল বোৱা আদিৰ কাম কৰিছিল আৰু আজৰি পালেই জম্বু বৃক্ষৰ তলত ধ্যানস্থ হৈ বহি থাকিছিল।
 ‘মঝ্‌ঝিম নিকায়’ৰ মহাসচ্চক সুত্তত বুদ্ধ ভগৱানে সচ্চকৰ আগত কয়–
 ‘মোৰ মনত পৰিছে যে যেতিয়া মই পিতাৰ খেতি-পথাৰলৈ গৈছিলোঁ তেতিয়া মই জম্বু বৃক্ষৰ শীতল ছাঁত বহি কামোপভোগ আৰু অকুশল বিচাৰৰ পৰা বিমুক্ত হৈ সবিতৰ্ক, আৰু বিবেকৰ পৰা ওপজা আৰু প্ৰীতিসুখ থকা প্ৰথম ধ্যানৰ সম্পাদন কৰিছিলোঁ। এয়েতো বোধৰ প্ৰকৃত মাৰ্গ নহয়? মোৰ বিজ্ঞানে স্মৃতিৰ অনুকৰণ কৰিলে আৰু সেয়ে বোধৰ মাৰ্গ হব বুলি মোৰ অনুভৱ হল। হে অগগিৱেসন, মই নিজকে নিজে কৈ উঠিলোঁ, “যি সুখ কামোপভোগ আৰু অকুশল বিচাৰ সমুহৰ পৰা অলিপ্ত, মই সেই সুখক কিয় ভয় কৰোঁ?” তাৰ পিচত মই ভাবি চালোঁ যে সেই সুখক মই ভয় কৰা উচিত নহয়। কিন্তু সেই সুখ (দেহ