পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গৌতম বােধিসত্ত্ব
৮৯
 

মুঠতে আমি এইখিনিলৈকে মানি লব পাৰোঁ যে বোধিসত্ত্ব ভূমিষ্ঠ হোৱাৰ সময়ত তেওঁৰ মাক থিয় অৱস্থাতে আছিল আৰু তেওঁৰ জন্মৰ সাতদিনৰ পিচত মাকৰ মৃত্যু হয়। জাতক নিদান-কথা’ৰ মতে শালগছৰ তলত বোধিসত্ত্বৰ জন্ম হৈছিল আৰু 'ললিত-ৱিন্তৰ'ৰ মতে প্লক্ষ বৃক্ষৰ তলতহে গৌতম ভূমিষ্ঠ হৈছিল। শুদ্ধোদনৰ ঘৰৰ বাহিৰত লুম্বিনী গাৱঁৰ উদ্যানত ঘূৰি ফুৰোঁতে গৌতমৰ মাকে তেওঁক জন্ম দিয়ে—হয়তো শাল নহলে প্লক্ষ বৃক্ষৰ তলত তেওঁৰ জন্ম হৈছিল। এই বৰ্ণনাৰ এই খিনিকে সঁচা বুলি ধৰি লব লাগিব যে থিয় হোৱা অৱস্থাতে তেওঁ গৌতমৰ প্ৰসৱ কৰে।
 বোধিসত্বৰ ভৱিষ্য–‘বোধিসত্ত্বৰ জন্ম হোৱাৰ পিচত মাকৰে সৈতে তেওঁক শুদ্ধোদনে ঘৰলৈ লৈ যায় আৰু ডাঙৰ ডাঙৰ পণ্ডিত ব্ৰাহ্মণৰ হতুৱাই তেওঁৰ ভৱিষ্য চোৱায়। পণ্ডিতসকলে তেওঁৰ বত্ৰিশটা লক্ষণ দেখি এই বুলি ভৱিষ্যৎ-বাণী কৰে যে হয়তো তেওঁ চক্ৰৱৰ্ত্তী ৰজা হব, নহলে সম্যক সম্বুদ্ধ হব। 'জাতক’ৰ নিদান কথা, 'ললিত-ৱিন্তৰ' আৰু ‘বুদ্ধ-চৰিত’ কাব্যত এনেধৰণৰ বিতং বৰ্ণনা পোৱা যায়। সেই যুগত লক্ষণৰ ওপৰত যে মানুহৰ বৰ বিশ্বাস আছিল, সেই সম্পৰ্কে সন্দেহ নাই। ত্ৰিপিটক সাহিত্যৰ ভালেমান ঠাইত তাৰ বিস্তৃত উল্লেখ পোৱা যায়। বুদ্ধৰ শৰীৰত সেই লক্ষণবোৰ স্পষ্টভাৱে দেখা যায়নে নাযায় তাকে চাবলৈ পোক্‌খৰসাতি ব্ৰাহ্মণে তৰুণ অম্বষ্ঠক পঠাই দিছিল। কিন্তু তেওঁ সেই লক্ষণবোৰ দেখিবলৈ নাপালে। বুদ্ধই তেওঁক এই অদ্ভুত চমৎকাৰ দেখুৱালে।[৫] এইদৰে ‘বুদ্ধ-চৰিত’ৰ লগত এইবোৰ লক্ষণৰ য’তে ত’তে সম্পৰ্ক দেখুৱা হৈছে। তদুপৰি বুদ্ধৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰাৰ অভিপ্ৰায়েৰে ভক্তসকলে এইবোৰ চেষ্টা কৰিছে, গতিকে ইয়াত বিশেষ কিবা নিৰ্ভৰষোগ্য তথ্য আছে বুলি ধৰি লোৱাৰ আৱশ্যকতা নাই। তথাপি বোধিসত্ত্বৰ জন্মৰ পিচত অসিত ঋষিয়ে


(৫)^  দীঘ নিকায়, অযট্‌ঠ সুত্ত।