সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
ভগৱান বুদ্ধ
 

তেওঁৰ বিষয়ে ভৱিষ্যৎবাণী কৰাটো প্ৰাচীন কথা যেন লাগে। সেই বৰ্ণনা ‘সুত্তনিপাত’ৰ নালক সুত্তৰ প্ৰস্তাৱনাত পাবলৈ আছে। আমি ইয়াতে তাৰ সাৰাংশ তুলি দিলোঁহক-
 ‘ভাল ভাল কাপোৰ পিন্ধি আৰু ইন্দ্ৰৰ সৎকাৰ কৰি দেৱতাসকলে আকাশত নিজৰ উপবস্ত্ৰ পেলাই উৎসৱ কৰি আছিল। তেতিয়া অসিত ঋষিয়ে তেওঁলোকক দেখা পাই সুধিলে, “এই উৎসৱ কিহৰ?’ দেৱতা- সকলে অসিতক কলে, “লুম্বিনী গাৱঁত শাক্যকুলত ৰোধিসত্ত্বৰ জন্ম হৈছে আৰু সেই কাৰণে আমি উৎসৱ কৰিছোঁ।” সেই কথা শুনি শ্ৰদ্ধানম্ৰ ভাৱে অসিত ঋষি শুদ্ধোদনৰ ঘৰলৈ গল আৰু কুমাৰক চোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে। শাক্যই বোধিসত্ত্বক অসিতৰ সন্মুখলৈ আনিলত তেওঁক সৰ্ব্বলক্ষণ-সম্পন্ন দেখি অসিতৰ মুখৰ পৰা অচানকতে এই কথা- ফাকি ওলাল-“এওঁ মনুষ্যৰ ভিতৰতে সৰ্ব্বশ্ৰেষ্ঠ।” কিন্তু অসিত ঋষিৰ আৰু আযু বেচি দিনলৈ নাই সেই কথা মনত পৰি তেওঁৰ চকুৰে পানী ববলৈ ধৰিলে। তেওঁৰ চকুৰে পানী পৰিবলৈ ধৰা দেখি শাকসকলে সুধিলে, “কুমাৰৰ প্ৰাণ লৈ কিবা ভয় আছে নেকি?” তেতিয়া অসিত ঋষিয়ে তেওঁলোকক সান্ত্বনা দি কলে, “ভৱিষ্যতলৈ এই কুমাৰ সম্বুদ্ধ হব। কিন্তু মোৰ আৰু বেচি দিন আয়ু নাই, গতিকে তেওঁৰ ধৰ্ম্মৰ উপদেশ শুনিবলৈ মোৰ সুযোগ নহব। সেই হেতুকেই মোৰ দুখ লাগিছে।” এইদৰে শাক্যসকলক আনন্দিত কৰি অসিত ঋষি তাৰ পৰা গুচি গল।'

 বোধিসত্ত্বৰ নাম–

স শাক্যসিংহ সৰ্বাৰ্থসিদ্ধঃ শৌদ্ধোদনিশ্চ সঃ।
গৌতমশ্চাৰ্কবন্ধুশ্চ মায়াদেৱীসুতশ্চ সঃ॥

 ‘অমৰকোশ’ত বোধিসত্ত্বৰ এই ছটা নাম দিয়া হৈছে। ইয়াৰ ভিতৰত শাক্যসিংহ, শৌদ্ধোদনি আৰু মায়াদেৱা-সুত—এই তিনিটা