পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
ভগৱান বুদ্ধ
 

হলে ঠিক যে গৌতমীয়ে নিজৰ পেটৰ লৰাৰ নিচিনাকৈয়ে গৌতমক অতিশয় আদৰেৰে লালন পালন কৰিছিল আৰু তেওঁ কোনো দিনেই গৌতমক নিজৰ আপোন মাকৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল।

 বোধিসত্ত্বৰ জন্ম–জাতকৰ নিদান-কথাৰ সাৰাংশ হল–
 ‘মায়াদেৱীৰ তেতিয়া দহ মাহৰ গৰ্ভাৱস্থা। তেওঁ বাপেকৰ ঘৰলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে। ৰজা শুদ্ধোদনে তেওঁৰ ইচ্ছাৰ কথা জানিব পাৰি কপিলৱস্তুৰ পৰা দেৱদহলৈকে গোটেই ৰাজপথ পৰিষ্কাৰ কৰোৱাই ধ্বজ পতাকা আদিৰে সুসজ্জিত কৰালে আৰু সোণৰ দোলাত তুলি দল-বলৰে সৈতে মাকৰ ঘৰলৈ পঠাই দিলে। ইফালে যাওঁতে বাটত লুম্বিনী বনত এজোপা শালগছৰ তলত তেওঁৰ এটি লৰা উপজিল।' ৰজা শুদ্ধোদন এজন সামান্য জমিদাৰ হোৱা হেঁতেন অতখিনি ৰাজপথ সজাই পৰাই তোলাটো তেওঁৰ পক্ষে সম্ভৱপৰ নহল- হেঁতেন। দ্বিতীয় কথা হল—দহ মাহৰ গৰ্ভাৱস্থাৰ তিৰোতাক কোনেও মাকৰ ঘৰলৈ পঠাব নোৱাৰে। গতিকে এই কাহিনীত তেনেই কমহে নিৰ্ভৰযোগ্য বৰ্ণনা পোৱা যায়।
 ‘মহাপদান সুত্ত’ত কোৱা হৈছে যে বোধিসত্ত্বই মাকৰ উদৰত প্ৰৱেশ কৰাৰ পৰা জন্ম হোৱাৰ সাতদিনলৈকে মুঠতে যোলটা অলৌকিক ঘটনা হয়। ইয়াৰে নৱম ঘটনাত এই বুলি উল্লেখ কৰা হৈছে যে বোধিসত্ত্বৰ মাকে দহ মাহ পূৰ হোৱাৰ পিচত তেওঁৰ জন্ম দিয়ে। দশম ঘটনাত কোৱা হৈছে যে থিয় দিয়া অৱস্থাতে হেনো মাকে বোধিসত্ত্বৰ প্ৰসৱ কৰে আৰু অষ্টম ঘটনামতে বোধিসত্ত্বৰ জন্মৰ সাতদিনৰ পিচতে তেওঁৰ মাকৰ লোকান্তৰ হয়। এই অলৌকিক ঘটনা তিনিটাহে বুদ্ধৰ জীৱনৰ পৰা লোৱা হোৱা বুলি ধাৰণা হয়। বাকী আটাইবোৰ কাল্পনিক আৰু লাহে লাহে সেইবোৰ বোধিসত্ত্বৰ জীৱন-চৰিত্ৰত সোমাবলৈ ধৰে।