পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গৌতম বােধিসত্ত্ব
৮৭
 

সম্বন্ধে কোনো সন্দেহ নাই, কিন্তু শুদ্ধোদনৰ বিয়া কিমান বয়সত হৈছিল আৰু মায়াদেৱীয়ে কিমান বয়সত বোধিসত্ত্বক জন্ম দিছিল আদি কথাৰ বিষয়ে হলে একো উল্লেখ পোৱা নাযায়। অপাদান গ্ৰন্থত মহাপ্ৰজাপতি গৌতমীৰ এটা অপাদান আছে। তাত তেওঁ কয় :-

পচ্ছিমে চ ভৱে দানি জাতা দেৱদহে পুৰে।
পিতা অঞ্জনসকে মে মাতা মম সুলক্‌খনা॥
ততো কপিলৱৎথুস্মিং সুদ্ধোদনঘৰং গতা।

 অৰ্থাৎ ‘আৰু এই অন্তিম জন্মত মই দেৱদহ নগৰত জন্ম ললোঁ। মোৰ পিতা আছিল অঞ্জনশাক্য আৰু আই আছিল সুলক্ষণা। পিচত ডাঙৰ হোৱাত মই কপিলৱস্তুৰ ৰজা শুদ্ধোদনৰ ঘৰলৈ গলো। (নাইবা শুদ্ধোদনৰ লগত মোৰ বিয়া হল)।
 গৌতমীৰ এই কথা কিমান খিনি সঁচা তাক অনুমান কৰাটো কঠিন। ‘কপিলৱস্তুৰ শুদ্ধোদনৰ ঘৰলৈ গলোঁ’--এই কথাৰ লগত আমি আগেয়ে আলোচনা কৰি অহা বৰ্ণনাৰ মিল নাই।[৪] কিন্তু তেওঁ অঞ্জনশাক্য আৰু সুলক্ষণাৰ কন্যা হোৱাৰ বিপৰীতে কোনো উল্লেখ পোৱা নাযায়, গতিকে আমি ধৰি লব পাৰোঁহক যে তেওঁ আৰু তেওঁৰ বাইদেৱেক মায়াদেৱী অঞ্জন শাক্যৰে জীয়ৰী আছিল আৰু শুদ্ধোদনৰ লগতে দুয়োৰে বিয়া হৈছিল। কিন্তু তেওঁলোক দুয়ো গৰাকীৰে বিয়া একে লগে হৈছিল নে অগা-পিচাকৈ হৈছিল তাক জনাৰ কোনো উপায় নাই।
 বৌদ্ধ সাহিত্যৰ এটা সকলোৰে সুবিদিত কথা হল যে বোধিসত্ত্বৰ জন্মৰ সাত দিনৰ দিনা মায়াদেৱীৰ পৰলোক প্ৰাপ্তি হয়। ইয়াৰ পিচত মাউৰা বোধিসত্ত্বৰ কষ্ট হব বুলি বিবেচনা কৰি শুদ্ধোদনে মায়াদেৱীৰ ভনীয়েককে বিয়া কৰোৱাটো বিশেষ সম্ভৱপৰ যেন অনুভৱ হয়। এইটো


(৪)^  কিয়নো ভৰণ্ডৰ কথাৰ পৰা প্ৰমাণ পোৱা যায় যে শুদ্ধোদন কপিলৱস্তুত নাথাকিছিল।